সীমান্তত উত্তেজনা নিয়ন্ত্ৰণৰ বাবে হাটশিঙিমাৰীত শান্তি সমিতি গঠনৰ বৈঠক

চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীৰক গাৰো দুস্কৃতিকাৰীয়ে চলাই অহা অত্যাচাৰক লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-02 at 8.08.35 PM

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ শ্ৰমিক আৰু ব্যৱসায়ীৰক গাৰো দুস্কৃতিকাৰীয়ে চলাই অহা অত্যাচাৰক লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

এই পৰিস্থিতিক কেন্দ্ৰ কৰি সীমান্ত অঞ্চলত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত হাটশিঙিমাৰী জিলা প্ৰশাসনে শান্তি সমিতি গঠনৰ বাবে মঙলবাৰে বিয়লি ৩.৩০ বজাত এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে।হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দল, সামাজিক আৰু ছাত্ৰ সংগঠন, সচেতন নাগৰিক, বৃদ্ধিজীৱী, সাংবাদিক, আইনজীৱি, শ্ৰমিক সন্থা আৰু ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকলক উপস্থিত থাকিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।

উল্লেখযোগ্য যে, মেঘালয়ত অসমৰ অনাগাৰো শ্ৰমিক আৰু ব্যৱসায়ীৰ ওপৰত চলি থকা অত্যাচাৰৰ প্ৰতিবাদত কিছুদিন ধৰি মানকাচৰৰ পাচলি ব্যৱসায়ীয়ে মেঘালয়লৈ পাচলি ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ কৰিছে। আজিও দিনজুৰি মেঘালয়ৰ পৰা কোনো তামোলৰ বাহন মানকাচৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। একেদৰে অসমৰ কোনো ব্যৱসায়ীয়ে মেঘালয়লৈ পাচলি ৰপ্তানি কৰা নাই বুলি জানিব পৰা গৈছে।

ইফালে, অসম–মেঘালয় সীমান্তৱৰ্তী দৈনিক বজাৰসমূহৰ পৰা যাতে মেঘালয়লৈ কোনো সামগ্ৰী ৰপ্তানি নহয় তাৰ প্ৰতি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে অসমৰ ব্যৱসায়ীসকল। ফলত সীমান্ত অঞ্চলত উত্তেজনাময় পৰিবেশ সৃষ্টি হৈছে। এই উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সীমান্তত শান্তি-শৃংখলা অটুট ৰখাৰ লক্ষ্যৰে জিলা প্ৰশাসনে শান্তি সমিতিৰ এই বৈঠক আহ্বান কৰা বুলি জানিব পৰা গৈছে।

মেঘালয় অসম-মেঘালয়