/asomiyapratidin/media/media_files/2025/07/26/agroni-khabar-2025-07-26-23-00-40.webp)
ডিজিটেল ডেস্কঃ দেশৰ দুটা বাওঁপন্থী ৰাজনৈতিক দল পিচিচি চিপিআই (এম এল) আৰু চিপিআই (এমএল) এনডিৰ মাজত একত্ৰীকৰণক লৈ সুদীৰ্ঘ ছবছৰ হোৱা আলোচনা বিলোচনাৰ শেষত যোৱা ৯ আৰু ১০ আগষ্টত উত্তৰ বংগত দুয়োটা দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই এটা দল হিচাপে চামিল হ'বলৈ সিদ্ধান্ত লয়। সেই অনুসৰি এতিয়া উক্ত সন্মিলিত শক্তিৰ পৰিচয় হ'ব চিপিআই (এম এল)এন ডি পিচিচি।
উল্লেখ্য, প্রায় দীর্ঘ ছয় বছৰ জোৰা আলোচনা আৰু যৌথ সংগ্রামী কার্যসূচীৰ মাজেৰে ২০১৯, ২০২১, আৰু ২০২৪ বৰ্ষত সাংগঠনিক-ৰাজনৈতিক যৌথ ঘোষণাপত্র জাৰি কৰা হয় আৰু তাৰ ভিত্তিতে ১০ আগষ্টত দুয়োটা দলৰ সংযুক্তিকৰণ প্ৰক্ৰিয়া সমাপ্ত হয়। এই ঐক্য প্রক্রিয়াই অন্যান্য বাওঁপন্থী বিপ্লবী দল, সংগঠনসমূহকো একত্ৰিত হৈ কাম কৰাৰ বাবে নতুন দৃষ্টান্ত ৰূপে উৎসাহ সৃষ্টি কৰিব বুলি দলৰ নেতৃবৰ্গই আশা প্ৰকাশ কৰে।
অদূৰ ভবিষ্যতে সকলো কমিউনিষ্ট-বিপ্লবী সংগঠনৰ সংযুক্তিকৰণৰ মাধ্যমেৰে এটা চিপিআই(এম-এল) দল গঠন কৰাৰ পথ প্রশস্ত হ'ল বুলি "চিপিআই(এম-এল) এনডি -পিচিচিৰ" অসম ৰাজ্যিক কমিটিয়ে মত পোষণ কৰে। পূৰ্বৰ দুয়োটি দলে যৌথভাবে ঘোষণা কৰে যে ফেচীবাদ আৰু বৰ্তমান পৰিস্থিতিৰ প্ৰেক্ষাপটত বিভিন্ন বিষয়ৰ দীর্ঘকালীন কিছু কিছু মতবিৰোধ থকা সত্ত্বেও দুয়োটা দলৰ সংযুক্তিকৰণ ঘটিছে।
এই সংযুক্ত ৰাজনৈতিক দলে ভিন্ন সংখ্যালঘুৰ মতক একেটা বিপ্লবী দলৰ ভিতৰত গঠনমূলক বিতর্কৰ সম্পূর্ণ অৱকাশ ৰাখিছে আৰু ইয়েই “গণতান্ত্রিক কেন্দ্রীকৰণৰ" বিপ্লৱী গণতান্ত্রিক অন্তর্বস্তু। তদুপৰি শ্ৰমিক ইউনিয়নসমূহৰ নিজস্ব ট্রেড-ইউনিয়ন গঢ়ি তোলাৰ লক্ষ্যত মত আৰু পথৰ বিভিন্নতাকে স্বীকাৰ কৰি পার্টি-নিয়ন্ত্রণ বহির্ভূত দেশব্যাপী এটা ট্রেড-ইউনিয়ন গঢ়ি তোলাৰ প্রচেষ্টা লোৱা হ'ব আৰু তৃণমূল স্তৰৰ বিপ্লবী শ্রমিক আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে সচেষ্ট থাকিব এই দল।
সন্মুখৰ কর্মসূচী হিচাপে ঘোষণাপত্রত কোৱা হৈছে যে কেন্দ্র আৰু বিভিন্ন ৰাজ্যত আৰ এছ এছ-বিজেপি আৰু সহযোগীবোৰৰ শাসনে যি ফেচীবাদী আক্রমণ নমাই আনিছে, তাৰ বিৰুদ্ধে গণসংগ্রাম গঢ়ি তুলিবলৈ সকলো সক্ৰিয় সংগ্রামী সংগঠন আৰু চিপিআই, চিপিএম সহ বাওঁপন্থী সকলো দলৰ সৈতে বৃহত্তৰ যৌথ সংগ্রাম গঢ়ি তোলাৰ লক্ষ্যৰে সচেষ্ট থাকিব এই দল। অন্যান্য আঞ্চলিক আৰু জাতীয় বুর্জোৱা দলৰ ক্ষেত্রত ফেচীবাদ বিৰোধী অৱস্থান বিবেচনাৰে প্রয়োজনীয় যৌথ সংগ্রাম গঢ়িবলৈও দুৱাৰ খোলা ৰখা হ'ব। কিন্তু এই সকলোবোৰ পরিচালিত হ'ব শ্রমিক আৰু কৃষক আন্দোলনক শক্তিশালী কৰাৰ লক্ষ্যৰে।