জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই ঢকুৱাখনাত কাতি বিহু উদযাপন

অসমীয়া লোক কৃষ্টি সংস্কৃতিৰ বৰভেটি স্বৰূপ ঢকুৱাখনাত চহা প্ৰাণৰ উদ্যোগত সাৰ্বজনীনভাৱে উদযাপন কৰা হৈছে কাতি বিহু ।

author-image
Asomiya Pratidin
New Update
8

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমীয়া লোক কৃষ্টি সংস্কৃতিৰ বৰভেটি স্বৰূপ ঢকুৱাখনাত চহা প্ৰাণৰ উদ্যোগত সাৰ্বজনীনভাৱে উদযাপন কৰা হৈছে কাতি বিহু । লোক পৰম্পৰাত চহকী ঢকুৱাখনা নগৰৰ বালি গাঁৱৰ কৃষিজীৱী ৰাইজৰ উদ্যোগত শনিবাৰে বৰ্ণাঢ্যভাৱে উদযাপন কৰা হয় বাপতি সাহোন কাতি বিহু।

গাঁওখনৰ শ্ৰমজীৱী ৰাইজ একত্ৰিত হৈ বালিগাঁও হৰিমন্দিৰত সমবেত হৈ পৰম্পৰাগতভাৱে পালন কৰি অহা "কাতিবিহু আদৰণি" উদযাপন কৰে । গাঁওখনৰ সকলো  বৃদ্ধ বৃদ্ধা , পুৰুষ মহিলা, যুৱক যুৱতীকে ধৰি  চহা প্ৰাণ ৰাইজে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা সন্ধিয়া আকাশ বন্তি আৰু তুলসী তলৰ চাকি জ্বলাই সমূহীয়া প্ৰাৰ্থনা কৰে ।

ইয়াৰ পূৰ্বে বৃহত্তৰ বালিগাঁৱৰ ৰাইজ তথা বয়স্ক আই-বাপ সমস্তৰ উদ্যোগত হৰিমন্দিৰ প্ৰাংগনৰ পৰা  উলিওৱা হয় "কাতিবিহু আদৰণি" শীর্ষক এক বৰ্ণিল আধ্যাত্মিক শোভাযাত্ৰা । বয়স্ক সমাজপ্ৰাণ তথা প্ৰবীণ নাট্যকৰ্মী নন্দ চুতীয়াই  এই সন্দৰ্ভত আঁত ধৰা অনুষ্ঠানত বিহুৰ প্রাসংগিকতাৰ ওপৰত চমু বক্তব্য ৰাখি জ্যেষ্ঠ নাগৰিক চন্দ্ৰ কমল বৰাই শোভাযাত্ৰা শুভ উদ্ধোধন কৰে ।

গাঁওখনৰ ৰাইজে শুভ্ৰ সাজ পৰিধান কৰি হাতত বন্তি লৈ ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমণ কৰে আৰু তুলসীৰ তলত সমূহীয়া বন্তি জ্বলাই প্ৰাৰ্থনা কৰি আই বসুমতীৰ বুকু উৰ্বৰতা বৃদ্ধিৰে শস্য শ্যামলা হোৱাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা  জনায়। এই অনুষ্ঠানতে বৃহত্তৰ বালি গাঁওৰ ছয়গৰাকী বয়োজ্যেষ্ঠ, ধৰ্মপ্ৰাণ ব্যক্তিক  শ্ৰদ্ধাপূৰ্বক সম্বর্দ্ধনা জনোৱা হয়।

এই অনুষ্ঠানৰ সতে সংগতি ৰাখি  বালিগাঁৱৰ নামঘৰৰ প্ৰাংগনত কৃষিজীৱী বুঢ়া মেঠা সকলো একত্ৰিত হৈ  গায়ন বায়নৰ মংগল ধ্বনিৰ মাজত হাতে হাতে চাকি বন্তি লৈ নামঘৰ প্ৰাঙ্গন মুখৰ কৰি  প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাই আৰু মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কামনা কৰে ।

জুবিন গাৰ্গ