দক্ষিণৰ চিনেমা জগত কপাঁই থকা পৱন কল্যাণ অন্ধ্ৰপ্ৰদেশৰ নতুন উপমুখ্যমন্ত্ৰী...

দক্ষিণৰ চিনেমা জগত কপাঁই থকা পৱন কল্যাণ অন্ধ্ৰপ্ৰদেশৰ নতুন উপমুখ্যমন্ত্ৰী...

author-image
Asomiya Pratidin
New Update
দক্ষিণৰ চিনেমা জগত কপাঁই থকা পৱন কল্যাণ অন্ধ্ৰপ্ৰদেশৰ নতুন উপমুখ্যমন্ত্ৰী...

ডিজিটেল ডেস্কঃ চিনেমাৰ কাহিনীৰ দৰেই সকলোবোৰ হৈছিল। ৰূপালী পৰ্দাৰ পৰা ৰাজনীতিত পৰ্দাপণ কৰি দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণে জনতাৰ পৰা পালে ব্যাপক সহাঁৰি। অন্ধ্ৰপ্ৰদেশৰ ২১খনকৈ বিধানসভা আসনত সফলতা লাভ কৰাৰ পাছত লোকসভা নিৰ্বাচনতো ২খন আসন দখল কৰিছিল পৱন কল্যাণ নেতৃত্বাধীন জন সেনা পাৰ্টীয়ে।

Advertisment

ইয়াৰ পিছতে আজি অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাৰে শপত ললে পৱন কল্যাণে। ইয়াৰ পিছতে পৱন কল্যাণক প্ৰদান কৰা হয় তেলেংগানাৰ উপমুখ্যমন্ত্ৰীৰ দায়িত্ব। উল্লেখ কৰা প্ৰয়োজন যে, পৱন কল্যাণে ২০০৮চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল।

কিন্তু শাৰিৰিক অসুস্থতাৰ বাবে মাজতে কিছুদিন ৰাজনীতিৰ পৰা বিৰতি লৈছিল পৱন কল্যাণে। ১৯৯৬চনত দক্ষিণৰ ছবিজগতত প্ৰৱেশ কৰা পৱন কল্যাণে বহু ছুপাৰহিট ছবি উপহাৰ দিছে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০১৪চনত পৱন কল্যাণে জন সেনা পাৰ্টিৰ জন্ম দিছিল। প্ৰায় ১০বছৰৰ ৰাজনৈতিক কেৰিয়াৰৰ পাছত এইবাৰ কপাল ফুঁলিল পৱন কল্যাণৰ।

Also Read: চিৰাঙৰ বাসুগাঁৱত চম্পাৱতী নৈৰ ৰে'ল দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

পৱন কল্যাণ