/asomiyapratidin/media/media_files/2025/11/03/118-2025-11-03-19-48-06.jpg)
ডিজিটেল সংবাদ, ওৰাং : ওদালগুৰি জিলাৰ ৰৌতাৰ জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ পৱন হাজৰিকা(৬৭) দীৰ্ঘদিন অসুস্থতাৰ অন্তত দেওবাৰে সন্ধিয়া ৬:১০ বজাত ইহলীলা সম্বৰণ কৰে। ৰৌতাৰ ভালুকমাৰী নিবাসী জ্যেষ্ঠ সাংবাদিক, সাহিত্যক তথা সমাজ সেৱক হাজৰিকা দেৱৰ আকস্মিক মৃত্যুৰ খবৰে জিলাখনৰ লগতে সমগ্ৰ ৰৌতা অঞ্চলতে শোকৰ ছাঁ পৰিছে।
ৰৌতা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি পৱন হাজৰিকা ৰৌতা চাৰিআলিৰ পৰা প্ৰকাশিত পষেকীয়া ''জনসংবাদ" বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে দৈনিক অসম,অসমীয়া প্ৰতিদিন, দৈনিক বাতৰি কাকত,অগ্ৰদূত, নিয়মীয়া বাৰ্তা কাকতত ৰৌতাৰ স্থানীয় সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল। নিষ্ঠাবান সাংবাদিকগৰাকী ওদালগুৰি জিলা মফচলীয়া সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, অবিভক্ত দৰং আপকুৰ সভাপতি আৰু আপকুৰ কেন্দ্ৰীয় সমিতিত একেধাৰে তিনিটা কাৰ্যকালৰ বাবে উপ-সভাপতিৰ পদ অলংকৃত কৰিছিল।
ইয়াৰ উপৰিও হাজৰিকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। সোমবাৰে ৰাতিপুৱা ভালুকমাৰীৰ নিজা বাসগৃহত ৰৌতা প্ৰেছ ক্লাবৰ প্ৰতিনিধি, ৰৌতা আঞ্চলিক ছাত্ৰ সন্থা, শ্ৰীমন্ত শংকৰ সংঘ জিলা শাখা ,ভালুকমাৰী প্ৰাথমিক শাখা, ওদালগুৰি জিলা কোঁচ ৰাজবংশী সন্মিলনী- মহিলা সন্মিলনী, ধনশ্ৰীঘাট আঞ্চলিক আক্ৰাছু,ওৰাং সাংবাদিক সংস্থা, পূব ওদালগুৰি প্ৰেছ ক্লাব, বিপিএফৰ ওদালগুৰি জিলা ৰাজবংশী কোষ ,আপকু কেন্দ্ৰীয় আৰু জিলা সমিতি,ঢেকিয়াজুলি সম-জিলা সমিতি,বড়োলেণ্ড সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি উপস্থিত হৈ পৱন হাজৰিকাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us