লালুৰ বাবে আকৌ বেয়া দিন! বিজেপি চৰকাৰৰ কঠোৰ সিদ্ধান্ত...

বিহাৰ নিৰ্বাচনত পূৰ্বতকৈ ফলাফল অৱনতি ঘটাৰ পিছতে লালুৰ পৰিয়াললৈও যেন নামি আহিছে বেয়া দিন। বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ঘোষণা কৰিছে যে, বিহাৰত লালু প্ৰসাদ যাদৱৰ

author-image
Asomiya Pratidin
New Update
laljs

ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনত পূৰ্বতকৈ ফলাফল অৱনতি ঘটাৰ পিছতে লালুৰ পৰিয়াললৈও যেন নামি আহিছে বেয়া দিন। বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ঘোষণা কৰিছে যে, বিহাৰত লালু প্ৰসাদ যাদৱৰ ছীল কৰি ৰখা এটা অট্টালিকাক অচিৰেই বিদ্যালয়লৈ ৰূপান্তৰ কৰা হ'ব। চৰকাৰে এই ক্ষেত্ৰত প্ৰাৰম্ভিক যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে বুলিও ঘোষণা কৰে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে।

সম্ৰাট চৌধুৰীয়ে লগতে কয় যে, দুৰ্নীতিৰ টকাৰে আহৰণ কৰা এই সম্পত্তি চৰকাৰে ছীল কৰি ৰাখিছে। এই বিশাল অট্টালিকাটো এনেই পৰি আছে। গতিকে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ ইয়াত এখন চৰকাৰী স্কুল আৰম্ভ কৰিব বিহাৰ চৰকাৰে।

বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে, পাটনা চিৰিয়াঘৰত থকা লালু প্ৰসাদ যাদৱৰ এই অট্টালিকাটোত বিগত ২০বছৰ ধৰি তলা ওলমি আছে। তদন্তকাৰী সংস্থাই ছীল কৰি ৰাখিছে এই অট্টালিকাটো। এনে অবৈধ সম্পত্তি আমি এনেয়ে পৰি থকাতো বিচৰা নাই, জনতাৰ কল্যাণৰ বাবে ইয়াক আমি ব্যৱহাৰ কৰিম।

সম্ৰাট চৌধুৰীয়ে লগতে সদৰি কৰি যে, লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে ৯৫০কোটি টকাৰ দুৰ্নীতিক লৈ তদন্ত অব্যাহত আছে। এই তদন্তৰ সময়ত এতিয়ালৈকে লালুৰ অন্য বহু সম্পত্তি জব্দ কৰিছে তদন্তকাৰী সংস্থাই। 

লালু প্ৰসাদ যাদৱ