/asomiyapratidin/media/media_files/2025/10/26/ujjjj-2025-10-26-11-47-46.jpg)
ডিজিটেল ডেস্কঃ ৰাম মন্দিৰক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক প্ৰত্যাহ্বান জনাই বিপদত পৰিল এগৰাকী অধিবক্তা। দিল্লীৰ অধিবক্তা মাহমুদ প্ৰচাৰে আবেদন কৰিছিল যে, উচ্চতম ন্য়ায়ালয়ে ২০১৯ত প্ৰদান কৰা অযোধ্যা ৰায় বাতিল কৰিব লাগে।
এই আবেদনৰ পাছতে আদালতে তুচ্ছ, বিভ্ৰান্তিকৰ আৰু ন্যায়িক প্ৰক্ৰিয়াক অপব্যৱহাৰ কৰাৰ অভিযোগত অধিবক্তাগৰাকীক ৬লাখ টকাৰ জৰিমণা বিহে। দিল্লীৰ পাটিয়ালা হাউছ কৰ্টে এই ৰায় প্ৰদান কৰে অধিবক্তাগৰাকীৰ বিৰুদ্ধে।
জিলা ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই নিজৰ আদেশত উল্লেখ কৰিছে যে, মাহমুদ প্ৰচাৰে দাখিল কৰা আবেদনখনত তথ্যৰ অভাৱেই নহয়, ন্যায়িক ব্যৱস্থাৰ বিশ্বাসযোগ্যতাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আদালতে কয় যে আবেদনকাৰীয়ে অযোধ্যাৰ ৰায় সম্পূৰ্ণৰূপে পঢ়া নাছিল যেন লাগে, নহ’লে এনে বিভ্ৰান্তিৰ সৃষ্টি নহ’লহেঁতেন।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us