পাটাছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত পাটাছাৰকুছি বজাৰৰ পশ্চিম দিশে মৰ্কাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত এগৰাকী লোক থিতাতে নিহত হয় ।

author-image
Asomiya Pratidin
New Update
image (11)

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত পাটাছাৰকুছি বজাৰৰ পশ্চিম দিশে মৰ্কাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত এগৰাকী লোক থিতাতে নিহত হয় ৷ নিহত লোকজন নিজসৰিহ গাঁৱৰ উমেশ ৰয় ( ৭০ ) বুলি চিনাক্ত কৰা হৈছে ৷

সীমান্ত সশস্ত্ৰ বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান উমেশ ৰয়ে মৃত্যুৰ সময়ত পত্নীসহ তিনি গৰাকীকৈ পুত্ৰ - বোৱাৰী আৰু বহুতো গুণমুগ্ধ তথা  আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ অঞ্চলটোৰ বিভিন্ন সামাজিক কাম তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত উমেশ ৰয়ৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷

জানিব পৰা মতে, মৰ্কা চ’কৰ ওচৰত থকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা ডিভাইদাৰৰ ক্ৰচিঙত নিজৰ স্কুটীখনত উঠি উমেশ ৰয়ে ঘাইপথ পাৰ হ’বলৈ ৰৈ আছিল আৰু সেই সময়তে পাঠশালাৰ দিশৰ পৰা অহা এখন বলেৰ’ পিক আপ গাড়ীয়ে আগত থকা এখন ট্ৰাকক অতিক্ৰম কৰিবলৈ গৈ ৰৈ থকা স্কুটীখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ লগে লগে স্কুটী আৰোহী উমেশ ৰয় উফৰি গৈ ৰাষ্ট্ৰীয় ঘাইপথত পৰাত থিতাতে মৃত্যুক সাৱটি লয় ৷ পিছত পাটাছাৰকুছি থানাৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চিকিৎসালয়লৈ লৈ যায় ৷

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰা AS 01 UC 1244 নম্বৰৰ বলেৰ’ পিক আপ গাড়ীখনে বৰপেটাৰোডৰ পৰা কেঁচা পাচলি নলবাৰীলৈ কঢ়িয়াই আনিছিল ৷ দুৰ্ঘটনা সংঘটিত কৰি আহি বলেৰ’ খনে পাটাছাৰকুছি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷

পাটাছাৰকুছি