/asomiyapratidin/media/media_files/2025/11/22/279-2025-11-22-22-20-39.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি : পাটাছাৰকুছিত শনিবাৰে ড° ভূপেন হাজৰিকাৰ আবক্ষ মুৰ্তি উন্মোচন কৰি আনন্দিত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ পাটাছাৰকুছিৰ পৰা জীৱনৰ প্ৰথমটো ভাষণ পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাঙ্গণত ছাত্ৰ সন্থাৰ এখন সভাত দি আজিৰ পৰ্যায় পোৱা বুলি উল্লেখ কৰে ড০ শৰ্মাই।
তেওঁ এই অঞ্চলটোৰ প্ৰতি তেওঁৰ এটি বিশেষ আত্মীয়তা থকা বুলি কৈ পাটাছাৰকুছি প্ৰাগজ্যোতি ক্লাৱে লোৱা এনে পদক্ষেপক প্ৰসংশা কৰি এই সভাতে পাটাছাৰকুছিত এটি ৰাজহুৱা প্ৰেক্ষাগৃহ দুই কোটি টকাত নিৰ্মাণ কৰিব বুলি ঘোষণা কৰে। এই দায়িত্ব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ওপৰত অৰ্পণ কৰে ৷
ড° ভূপেন হাজৰিকাৰ স্মৃতি নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাত পাটাছাৰকুছিৰ ৰাইজে নেতৃত্ব প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰে ৷ অসমীয়া সমাজত হাজৰিকাৰ আদৰ্শৰ প্ৰয়োজন আছে বুলি কৈ তেখেতৰ গানৰ মাজতে অসমৰ বুৰঞ্জীৰ বহু ঘটনা লিপিবদ্ধ কৰি এজন গৌৰৱী ভাৰতীয় আৰু গৌৰৱী অসমীয়া বুলি কয় ৷ তেওঁ ড° ভূপেন হাজৰিকৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা গ্ৰন্থখন ১০ লাখ লোকৰ মাজত বিতৰণৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে ৷
সুধাকণ্ঠৰ স্মৃতি ৰক্ষাৰ বাবে চৰকাৰীভাৱে লোৱা পদক্ষেপবোৰৰ কথা দোহাৰি শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহালয় নিৰ্মাণৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। লগতে এইটো বিজ্ঞানসন্মতভাৱে বিভিন্ন দিশ চালি জাৰি চাই কৰা হ'ব বুলি কয় ৷
এই উপলক্ষে পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত অনুষ্ঠিত উন্মোচনী সভাত ইয়াৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা আমিনুল হক আৰু নিতুল শর্মাৰ দ্বাৰা সম্পাদিত স্মৃতিপুস্তিকাখন উম্মোচন কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে। তেওঁ ক্লাব প্ৰচেষ্টাৰ শলাগ লয় ৷
আনহাতে আবক্ষ মূৰ্তি উন্মোচনী পৰিচালনা সমিতিৰ সভাপতি নিতুল শৰ্মাই আঁত ধৰা সভাখনত ক্লাবৰ সভাপতি ৰফিকুল হকে আদৰণি ভাষণ প্ৰদান কৰে আৰু বিশিষ্ট সমাজকৰ্মী মুনীন্দ্র নাৰায়ন গোস্বামীয়ে বন্তি প্ৰজ্জ্বলন কৰে ৷ সভাত বজালী জিলাৰ জিলা আযুক্ত মৃদুল কুমাৰ দাস, সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, বিশিষ্ট শিল্পী সদানন্দ গগৈ, ড০ ৰণজিৎ ডেকা, ডাঃ পুলিন শর্মা, কুলধৰ চৌধুৰী, লাবন্য পাটগিৰীয়ে মঞ্চ শুৱনি কৰে ৷
মূৰ্তিটো নিৰ্মান কৰা বিশিষ্ট ব্ৰঞ্জ কাষ্ট্টিং শিল্পী মুক্তাৰ মল্লিকক সভাত ক্লাবৰ তৰফৰ পৰা সম্বদ্বনা জনোৱা হয় ৷ সভাৰ আৰম্ভণিতে এশ গৰাকী মহিলাই "জিলিকাব লুইতৰে পাৰ" শীষক সমবেত সংগীত পৰিবেশন কৰে ৷
মূৰ্তি উন্মোচনৰ পূৰ্বে পুৱা ক্লাবৰ সভাপতি ৰফিকুল হকে ক্লাবৰ পতাকা উত্তোলন কৰাৰ পিচতে বহুকেইগৰাকী বিশিষ্ট লোকৰ দ্বাৰা গছপুলি ৰোপন কায্যসূচী ৰূপায়ণ কৰা হয় ৷ মূৰ্তি উন্মোচনৰ পিচতে সুধাকণ্ঠৰ আবক্ষ মূর্তিত পুষ্পাঞ্জলি অর্পন কৰে মন্ত্রী ৰণজিৎ কুমাৰ দাস, সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, বিশিষ্ট শিল্পী সদানন্দ গগৈ, ক্লাবৰ উপদেষ্টা ড' ৰণজিৎ ডেকা আৰু ডাঃ পুলিন শর্মাই ৷
সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধক কৰিব তেজপুৰ বিশ্ববিদালয়ৰ অধাপিকা ড° বিনীতা বৰা দেৱ চৌধুৰীয়ে ৷ উল্লেখ্য যে এক ব্যয়বহুল বাজেটেৰে ৩৫০৮ কিলোগ্ৰাম ব্ৰঞ্জ ব্যয়ৰে নিৰ্মাণ কৰা ১৫ ফুট উচ্চতাৰ আৰু সৰ্বোচ্চ ২৭ ফুট পৰিধিৰ এই ব্ৰঞ্জৰ বিশাল আবক্ষ মূৰ্তিটো অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বৃহৎ আকাৰৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি ইতিমধ্যে চৰ্চিত হোৱা এই আবক্ষ মূৰ্তিটোৱে অসমত এক সুকীয়া স্থান দখল কৰে।
লগতে পাটাছাৰকুছিৰ ইতিহাসত এক গৌৰৱময় অধ্যায় হিচাপে চিহ্নিত হ'ব। তেজপুৰৰ বিশিষ্ট ভাস্কৰ্যশিল্পী অলকেশ পৰাশৰে প্ৰায় এক বছৰ ধৰি লাগি মডেলিং কৰা আৰু পশ্চিমবংগৰ বোলপুৰ শান্তি নিকেতন নিবাসী বিশিষ্ট ব্ৰঞ্জ কাষ্ট্টিং শিল্পী মুক্তাৰ মল্লিকৰ নেতৃত্বত এটি ৭/৮ জনীয়া দলে প্ৰায় ডেৰ বছৰ ধৰি নিৰ্মাণ কাৰ্য্য চলাই মূৰ্তিৰ মডেলটো ব্ৰঞ্জলৈ ৰূপান্তৰ কৰিছে। পাটাছাৰকুছিৰ সন্তান তথা বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ প্ৰস্তাৱমৰ্মে আবক্ষ মূৰ্তিৰ স্থলী তথা চৌহদটোক ইতিমধ্যে "সুধাতীৰ্থ" নামেৰে নামাকৰণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us