পতঞ্জলিৰ ঘিউ স্বাস্থ্যৰ বাবে উপকাৰী নহয়! আদালতে বিহিলে লক্ষাধিক টকাৰ জৰিমনা...

১০০শতাংশ আয়ুবেদিক আৰু জৈৱিক সামগ্ৰী প্ৰস্তুত কৰা বুলি দাবী কৰা বাবা ৰামদেৱৰ মালিকানাধীন পতঞ্জলিৰ খাদ্য সামগ্ৰীত পুনৰ ধৰা পৰিল বিসংগতি। শেহতীয়াকৈ চলা খাদ্য সুৰক্ষা বিভাগৰ এক পৰীক্ষাত পোহৰলৈ আহিছে যে,

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ ১০০শতাংশ আয়ুবেদিক আৰু জৈৱিক সামগ্ৰী প্ৰস্তুত কৰা বুলি দাবী কৰা বাবা ৰামদেৱৰ মালিকানাধীন পতঞ্জলিৰ খাদ্য সামগ্ৰীত পুনৰ ধৰা পৰিল বিসংগতি। শেহতীয়াকৈ চলা খাদ্য সুৰক্ষা বিভাগৰ এক পৰীক্ষাত পোহৰলৈ আহিছে যে, পতঞ্জলিয়ে প্ৰস্তুত কৰা ঘিউ স্বাস্থ্যৰ বাবে অতিকৈ অপকাৰী। এনে ঘিউ সেৱন কৰিলে শৰীৰত ভিন্ন পাশ্বক্ৰিয়াৰ লগতে হজম শক্তিতো কুপ্ৰভাৱ পেলাব পাৰে।

খাদ্য সামগ্ৰীক লৈ এনে ল'ৰা-ধেমালি খেলা পতঞ্জলিক ১.৪০লাখ টকাৰ জৰিমনাও বিহিছে খাদ্য সুৰক্ষা বিভাগে। দৰাচলতে উত্তৰাখণ্ডৰ সীমান্ত জিলা পিথৰাগড়স্থিত পতঞ্জলিৰ ফেক্টৰীৰ পৰা ২০২০চনতে খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই তাত উতপাদিত বিভিন্ন সামগ্ৰী পৰীক্ষা বাবে সংগ্ৰহ কৰিছিল।

এই সামগ্ৰীবোৰ পুংখানুপুংখভাৱে ভিন্ন স্তৰত পৰীক্ষা কৰাৰ পাছত অৱশেষত ২০২৫ৰ ২৭নৱেম্বৰত পোহৰলৈ আহিল ইয়াৰ ৰিজাল্ট। এই ৰিজাল্টত পোহৰলৈ আহিল যে, পতঞ্জলিয়ে প্ৰস্তুত কৰা ঘিউ স্বাস্থ্যৰ বাবে অতিকৈ অপকাৰী। গতিকে এই ক্ষেত্ৰত কোম্পানীটোৱে বহুখিনি কাম কৰিবলগীয়া আছে।

Pithoragarh

জনস্বাস্থ্যক লৈ হেতালি খেলা পতঞ্জলিৰ বিৰুদ্ধে জিলাখনৰ খাদ্য সুৰক্ষা বিভাগৰ বিষয়া দিলীপ জৈনে যোগেন্দ্ৰ সিং বিচাৰপীঠত প্ৰমাণ দাখিল কৰে। ইয়াৰ পিছতে আদালতে পতঞ্জলিৰ বিৰুদ্ধে ১.৪০লাখ টকাৰ জৰিমনা বিহে। পতঞ্জলি আৰ্য়ুবেদ লিমিটেডৰ বিৰুদ্ধে ১লাখ, ব্ৰহ্মা এজেঞ্চী নামৰ ডিষ্টিবিউটৰ কোম্পানীটোৰ বিৰুদ্ধে ২৫হাজাৰ আৰু কৰন জেনেৰেল ষ্টৰ নামৰ এখন বিপনীৰ বিৰুদ্ধে ১৫হাজাৰ টকাৰ জৰিমনা বিহে।

আদালতে আগন্তুক সময়ত পতঞ্জলিক খাদ্য সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা আইনৰ সকলো খিনি নিয়ম কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। 

ৰামদেৱ