অধিবক্তা বাছেৰ আলীৰ বিয়োগত গভীৰ শোক প্ৰকাশ অধিবক্তা সমাজৰ

চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ জ্যেষ্ঠ অধিবক্তা তথা মুখ্য আইনী সাহাৰ্য্যকাৰী চৰকাৰী অধিবক্তা বাছেৰ আলীৰ অকাল মৃত্যুত বুধবাৰে চিৰাং জিলা উকিল সন্থা ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
487

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ জ্যেষ্ঠ অধিবক্তা তথা মুখ্য আইনী সাহাৰ্য্যকাৰী চৰকাৰী অধিবক্তা বাছেৰ আলীৰ অকাল মৃত্যুত বুধবাৰে চিৰাং জিলা উকিল সন্থা ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । উল্লেখ্য যে মধুমেহ ৰোগত আক্ৰান্ত অধিবক্তা বাছেৰ আলী প্ৰায় দুমাহ ধৰি আদালত চৌহদৰ পৰা আঁতৰি থাকি বিভিন্ন চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল ।

১৫ ডিচেম্বৰ দিনা হঠাতেই তেখেতৰ স্বাস্থ্য অধিক অৱনমিত হোৱাত তেখেতক বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু কালি অৰ্থ্যাৎ ১৬ ডিচেম্বৰ দিনা  চিকিৎসাধীন অৱস্থাত দিনৰ ১১:৩০ বজাত অধিবক্তা বাছেৰ আলী শেষ নিশ্বাস ত্যাগ কৰে।

অধিবক্তা বাছেৰ আলীৰ অকাল মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ অধিবক্তা সমাজত শোকৰ ছা নামি পৰে। আজি প্ৰয়াত অধিবক্তা বাছেৰ আলীৰ অকাল মৃত্যুত চিৰাং জিলা উকিল সন্থাৰ সভাপতি অধিবক্তা মনোজ কুমাৰ ৱাৰীৰ সভাপতিত্বত কাজলগাঁও স্থিত জিলা সত্ৰ ন্যায়াধীশ আদালত চৌহদত শোকসভা অনুষ্ঠিত কৰা হয়।

আজিৰ শোকসভাত চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ বিচাৰপতি চন্দ্ৰাংশু চতুৰ্বেদী, জেষ্ঠ্য অধিবক্তা ধ্ৰুৱ কুমাৰ মুখাৰ্জী, অধিবক্তা হৰেশ্বৰ দাস, অধিবক্তা আশ্ৰাফুল হক, অধিবক্তা বিপ্লৱ দে আৰু বিপুল কুমাৰ শৰ্মাই প্ৰয়াত অধিবক্তা বাছেৰ আলীৰ কৰ্মজীৱনৰ স্মৃতি ৰোমন্থন কৰে আৰু তেখেতক অশ্ৰুসিক্ত নয়নৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদ্গতি কামনা কৰি দুই মিনিট মৌনতা অৱলম্বন কৰে। প্ৰয়াত অধিবক্তা বাছেৰ আলীৰ অকাল মৃত্যুত জিলা উকিল সন্থা ফালৰ পৰা গভীৰ শোঁক প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শোকবাৰ্তা প্ৰেৰণ কৰা হয় ।

অধিবক্তা