মিজোৰামত শুনা যাব ৰে'লৰ উকি! ১৩ছেপ্টেম্বৰত প্ৰধামমন্ত্ৰীয়ে কৰিব মুকলি...

উত্তৰ-পূবৰ যাতায়ত ক্ষেত্ৰৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ। এইবাৰ পূৰ্বোত্তৰৰ অন্যতম ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলক অন্তৰ্ভুক্ত কৰা হ’ব দেশৰ ৰে’ল মানচিত্ৰত। মিজোৰাম তথা

author-image
Asomiya Pratidin
New Update
ijjjd

ডিজিটেল ডেস্কঃ  উত্তৰ-পূবৰ যাতায়ত ক্ষেত্ৰৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ। এইবাৰ পূৰ্বোত্তৰৰ অন্যতম ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলক অন্তৰ্ভুক্ত কৰা হ’ব দেশৰ ৰে’ল মানচিত্ৰত। মিজোৰাম তথা আইজলৰ দৰে এক গুৰুত্বপূৰ্ণ স্থানক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে তথা পৰ্যটনক মানুহৰ কাষলৈ লৈ যোৱাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। 

আইজললৈ ৰে'ল সংযোগৰ বহু প্ৰত্যাশিত সপোন অতি সোনকালে বাস্তৱত পৰিণত হ'ব।মিজোৰামৰ এক উল্লেখযোগ্য আন্তঃগাঁথনি প্ৰকল্পবৈৰবি–ছাইৰাং ৰেলপথটো এইসপ্তাহতপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনাআছে

এই নতুন লাইনটো কাৰ্যক্ষম হ’লে আইজল আৰু শিলচৰৰ মাজত পথেৰে প্ৰায় সাত ঘণ্টাৰ পৰা ৰে’লযোগে মাত্ৰ তিনি ঘণ্টালৈ কমি যাব৷ নতুনকৈ নিৰ্মাণ কৰা ৰে’ল লাইনত ঘণ্টাত ১০০ কিলোমিটাৰ বেগত চলাচল কৰিব পৰা যাত্ৰীবাহী ৰে’লসমূহ।

১৯৯৯ চনত পৰিকল্পনা আৰম্ভ হৈছিল এই প্ৰকল্পৰ। প্ৰায় ২৬ বছৰ ধৰি নিৰ্মাণৰ কাম চলাৰ পাছত অৱশেষত সেই দিনটো কাষ চাপি আহিছে। ৰে’ল যাতায়াতৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ’ব মিজোৰামত। প্ৰায় ৫ হাজাৰ ২১ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প। অনে বাধা-বিপত্তি আহিলেও লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কৰ্মীসকল। দুৰ্গম পাহাৰ কাটি, এটাৰ পাছত আনটো বাধা অতিক্ৰম কৰি তৈয়াৰ কৰা হ’ল এই ৰে’লপথ।

বৈৰৱীৰ পৰা আইজলৰ ছাইৰাঙৰ মাজত আছে মুঠ তিনিটা ষ্টেচন। সেই কেইটা হৈছে হৰ্তকী, কাওণপুই, আৰু মুৱালখাং। দেশৰ দ্বিতীয় সৰ্বোচ্চ ৰে’ল দলং স্থাপন। ১৯৬ নং খুটাৰ উচ্চতা ১১৪ মিটাৰ। ই কুটুব মিনাৰতকৈ ৪২ মিটাৰ ওখ। দুৰ্গম পাহাৰ কাটি তৈয়াৰ কৰা এই ৰে’লপথত আছে মুঠ ৪৮ টা সুৰংগ। এই সুৰংগসমূহৰ ভিতৰত ৩ নং সুৰংগৰ দৈঘ্য সৰ্বাধিক প্ৰায় ২ কিলোমিটাৰ।

ভাৰতীয় ৰে'লৱে