Advertisment

মাজ আকাশত যাত্ৰীবাহী বিমান আৰু সেনাৰ হেলিকপ্টাৰৰ মাজত খুন্দা, VIDEO...

এক ভয়াৱহ দুৰ্ঘটনাৰ সাক্ষী হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত মাজ আকাশত যাত্ৰীবাহী বিমানৰ সৈতে মাৰ্কিন সেনাৰ এখন হেলিকপ্টাৰৰ খুন্দা খোৱাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

author-image
Tushar Pratim
New Update
মাজ আকাশত যাত্ৰীবাহী বিমান আৰু সেনাৰ হেলিকপ্টাৰৰ মাজত খুন্দা, VIDEO...

ডিজিটেল ডেস্কঃ এক ভয়াৱহ দুৰ্ঘটনাৰ সাক্ষী হল আমেৰিকা যুক্তৰাষ্ট্ৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত মাজ আকাশত যাত্ৰীবাহী বিমানৰ সৈতে মাৰ্কিন সেনাৰ এখন হেলিকপ্টাৰৰ খুন্দা খোৱাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

এই দুৰ্ঘটনাত ৬০ জন যাত্ৰী কঢ়িওৱা বিমানখন ভাঙি পৰি পোটোমেক নদীত পৰিছে। ঘটনাত এই পৰ্যন্ত ১৮ জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। সময় বাগৰাৰ লগে লগে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনাই অধিক। 

চি এন এনে প্ৰকাশ কৰা খবৰ অনুসৰি ৰোনাল্ড ৰেগান নেচনেল এয়াৰপৰ্টৰ কাষত আমেৰিকান এয়াৰলাইনছৰ ফ্লইট ৫৩৪২ ৰ সৈতে খুন্দা খাই সেনাবাহিনীৰ এখন ব্লেক হক হেলিকপ্টাৰৰ। এই ঘটনাৰ পাছতে পোটোমেক নদীৰ ওপৰত ভাঙি পৰে যাত্ৰীবাহী বিমানখন।

ঘটনাত এতিয়ালৈকে প্ৰকৃততে কিমানৰ মৃত্যু হৈছে সেয়া স্পষ্ট নহয় যদিও ১৮ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে। বাকীসকলৰ উদ্ধাৰৰ বাবে উদ্ধাৰকাৰীয়ে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই দুৰ্ঘটনাৰ দৃশ্য।

এই দুৰ্ঘটনাৰ পাছতো শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। তেওঁ এক শোকবাৰ্তাত নিহতৰ আত্মাৰ শান্তি কামনা কৰিছে। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে নিশা আকাশত হঠাৎ জুই দেখে তেওঁলোকে।

প্ৰথমে কি হৈছে সেয়া একো বুজি পোৱা নাছিল যদিও ছাইৰেন বজাৰ শব্দই দুৰ্ঘটনা হোৱাৰ কথা নিশ্চিত কৰিছিল। এৰি স্কলমেন নামৰ এজন ব্যক্তিয়ে চি এন এনৰ আগত কয় এইদৰে- ''আমি জৰ্জ ৱাশ্বিংটন হাইৱেলৈ গৈছিলো। প্ৰায় ১২০ ফুট ওপৰত বিমানখনক স্পষ্টকৈ দেখা পাইছিলো। সকলো ঠিকেই আছিল। হঠাৎ বিমানখনক জুইয়ে আগুৰি ধৰে। তাৰ পাছতেই বিমানখন ভাঙি পৰে। সেই দৃশ্য আছিল অতি ভয়াৱহ। নাজানো কেইজনে প্ৰাণ ৰক্ষা কৰিব পাৰিলে।''

 

বিমান দুৰ্ঘটনা আমেৰিকা যুক্তৰাষ্ট্ৰ