বৰহোলাৰ মানৱ দৰদী চিকিৎসক ডাঃ থেওফিলাচ মাৰাকৰ দেহাৱসান...

বৰহোলাৰ বিশিষ্ট মানৱদৰদী চিকিৎসক ডাঃ থেওফিলাচ মাৰাকৰ আজি দুপৰীয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷মৃত্যু সময়ত তেঁও বয়স হৈছিল ৭৫ বছৰ৷ দীৰ্ঘদিনৰ পৰা জটিল ৰোগত

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ  বৰহোলাৰ বিশিষ্ট মানৱদৰদী চিকিৎসক ডাঃ থেওফিলাচ মাৰাকৰ আজি দুপৰীয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷মৃত্যু সময়ত তেঁও বয়স হৈছিল ৭৫ বছৰ৷ দীৰ্ঘদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ থকা ডাঃ মাৰাক কিছুদিনৰ পূৰ্বে সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছিল যদিও আজি হঠাৎ দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে৷

মৃত্যু সময়ত পত্নী,পুত্ৰ-বোৱাৰী,জী-জোৱাইসহ অনেক আত্মীয় স্বজন আৰু শুভাকাংক্ষীক ইহ সংসাৰত এৰি থৈ যায়৷তেঁও মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে৷

উল্লেখ্য যে ডাঃ মাৰাকে ১৯৭৬ চনত মক্ৰং চাহ বাগিচাত চিকিৎসক হিচাপে যোগদান কৰি পিছলৈ বৰহোলাত যোৰহাট আৰু গোলাঘাট সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক নিৰৱচ্ছিন্নভাৱে অৰ্ধ শতাধিক বছৰ চিকিৎসা সেৱা আগবঢ়াই আহিছিল৷তেঁও মৃত্যুত বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

অসম