/asomiyapratidin/media/media_files/2025/08/09/53-2025-08-09-23-08-23.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : বিগত প্ৰায় এমাহ ধৰি মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জিলাবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ সীমান্ত সংযোগী পথৰ কাষ চপাত সীমান্তৱৰ্তী এলেকাৰ লোকসকলৰ লগতে জিলাবাসীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।
খহনীয়াই মথাউৰীসদৃশ সীমান্ত সংযোগী পথটো ছিঙি পেলালে মানকাচৰৰ বৃহৎ এলেকা মহুৰ্তৰ ভিতৰত জলমগ্ন হৈ পৰিব। সীমান্তৰ কাটা তাঁৰৰ বেৰৰ প্ৰতিও চৰম ভাবুকি আহিব।
অতিকৈ গুৰুত্বপূৰ্ণ এই সীমান্ত সংযোগী পথ ৰক্ষাৰ বাবে জিলা প্ৰশাসনৰ নিৰ্দেশত জলসম্পদ বিভাগে দিনে-নিশাই অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ কাম চলাই গৈছে। ইয়াৰ মাজতে শনিবাৰে দিনৰ প্ৰায় ২.৩০ বজাত জিলাখনৰ বিভিন্ন মছজিদ আৰু মাদ্ৰাছাৰ পৰা সহস্ৰাধিক আলেম-উলামা আৰু মাদ্ৰাছাৰ ছাত্ৰ ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হৈ ৰাইজৰ সৈতে একেলগে আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা জনায়।
সমূহীয়া দোৱাৰ জৰিয়তে খহনীয়া বন্ধ কৰিবলৈ আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। এই সমূহীয়া দোৱাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল অংশগ্ৰহন কৰে।
দোৱাৰ পূৰ্বে দিনৰ প্ৰায় ২ বজাত কোকৰাডাঙা মছজিদত কেবাগৰাকী মৌলানাই মাইকযোগে ভাষণ প্ৰদান কৰে। মুছলমান লোক সকলে ধৰ্মীয় ৰীতি নীতি অৱমাননা কৰি মদ, তীৰ, জুৱা, ড্ৰাগছ, নাৰী, পৰকীয়া, সুত খোৱা আদিৰ প্ৰতি আসক্ত হোৱাত বিভিন্ন প্ৰান্তত মুছলাম লোক সকলে বিপদত পৰি আহিছে।
এনে হোৱাৰ ফলত মুছলাম সকলৰ ওপৰত বিভিন্ন বিপদ চাপি আহে বুলি মৌলানা সকলে দাবী কৰে। গতিকে মুছলমান লোক সকলে ধৰ্মীয় ৰীতি নীতি মানি চলিবলৈ মৌলানা সকলে ইছলাম ধৰ্মীয় লোকক আহ্বান জনায়। এনে অপকৰ্মৰ পৰা বিৰত নথকালৈ মুছলমান সকল সদায় বিপদৰ সম্মুখীন হব বুলিও মৌলানা সকলে দাবী কৰে।
লক্ষ্যণীয় যে, খহনীয়াই বিগত এটা মাহৰ ভিতৰত সীমান্ত সংযোগী পথৰ ব্ৰহ্মপু্ত্ৰৰ ফালে থকা ৮ টা পৰিয়াল ইতিমধ্যে ঘৰ-বাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে। পৰিয়ালকেইটা ভূমিহীন হৈ কোনোমতে পথৰ কাষত আশ্ৰয় লৈ আছে। আশ্ৰয় লোৱা পৰিয়াল কেইটাক চৰকাৰী ভাৱে কোনো ধৰণৰ সুবিধা প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। অৱস্য ৮ টা পৰিয়ালক মাত্ৰ ৮ টা পলিথিন দি জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষই দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপন হৈছে।
মন কৰিবলগীয়া যে, কালিৰ দিনটোলৈ খহনীয়া তীব্ৰতৰ হৈছিল যদিও আজি পুৱাৰে পৰা কোকৰাডাঙাত খহনীয়া কিছু পৰিমানে নিয়ন্ত্ৰণলৈ আহিছে। বিশেষকৈ সীমান্ত সংযোগী পথৰ পৰা ৫ মিটাৰ নিলগত অহা স্থান খিনিত ততপৰতাৰে প্ৰতিৰোধৰ কাম চলাই নিয়াত সেই স্থানত খহনীয়া নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে।