পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষৰ উদ্যোগত পাৰ্থেনিয়াম নিৰ্মূলকৰণ আৰু সজাগতা অভিযান

পবিতৰা অভয়াৰণ্য আৰু মায়ং অঞ্চলৰ কৃষি ভূমিৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে পাৰ্থেনিয়াম অৰ্থাৎ কংগ্ৰেছ ঘাঁহ নামৰ এবিধ অপতৃণ বিষাক্ত বনে। পাৰ্থেনিয়াম বা কংগ্ৰেছ ঘাঁহ এনে এবিধ বিষাক্ত বন, যি বিধ বন মানৱ শৰীৰৰ বাবেও বিপদজনক আৰু ভয়ংকৰ ভাবুকি হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
64

ডিজিটেল সংবাদ, মায়ং : এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্য আৰু মায়ং অঞ্চলৰ কৃষি ভূমিৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে পাৰ্থেনিয়াম অৰ্থাৎ কংগ্ৰেছ ঘাঁহ নামৰ এবিধ অপতৃণ বিষাক্ত বনে। পাৰ্থেনিয়াম বা কংগ্ৰেছ ঘাঁহ এনে এবিধ বিষাক্ত বন, যি বিধ বন মানৱ শৰীৰৰ বাবেও বিপদজনক আৰু ভয়ংকৰ ভাবুকি হৈ পৰিছে।

বন্যপ্ৰাণীৰ শৰীৰত বা মানৱ দেহত লাগিলে এলাৰ্জি দৰে খজুৱাই বুলি কৃষি বিজ্ঞানী সকল ইতিমধ্যে নিশ্চিত হৈছে। বন্যপ্ৰাণীৰ পেটত সোমালে পাকস্থলীৰ ক্ষতি কৰি দিব পাৰে বুলি তথ্য লাভ কৰিছে। কোনো এবিধ কীট পতংগ বা বন্য জন্তুৱে বন বিধৰ বিষাক্ত গুণৰ বাবে ভক্ষণ নকৰে।

অষ্ট্ৰেলিয়া আৰু মেক্সিকোৰ দৰে দেশত প্ৰথম প্ৰথম আৰ্বিভাৱ হোৱা পাৰ্থেনিয়াম নামৰ বিষাক্ত প্ৰজাতিৰ এই বন বিধৰ পয়োভৰ পবিতৰা অভয়াৰণ্যৰ ভিতৰ ভাগত বৃদ্ধি পোৱাৰ ফলত শংকিত হৈ পৰিছে অভয়াৰণ্য কৰ্তৃপক্ষ। পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ পৰা জানিব পৰা মতে এই বন বিধ পবিতৰাৰ কেবাটাও অঞ্চলত বিয়পি পৰিছে।

য'ত থলুৱা প্ৰজাতিৰ ঘাঁহৰ ঘনত্ব কম, সেই ঠাইত পাৰ্থেনিয়ামে ব্যাপক হাৰত আগুৰি লোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত অভয়াৰণ্য কৰ্তৃপক্ষই এই বন বিধ পৰিস্কাৰ কৰাৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে।

শনিবাৰে পবিতৰাৰ হাতী কেম্পৰ নিকটৱৰ্তী এলেকাৰ পৰা চাৰি ট্ৰেক্টৰ পাৰ্থেনিয়াম উভালি নিৰ্মূলকৰণ কৰিবলৈ সক্ষম হৈছে । বন বিষয়া প্ৰাঞ্জল বৰুৱাই কয় যে, অভয়াৰণ্য কৰ্তৃপক্ষৰ উদ্যোগত পবিতৰা পাৰিপাৰ্শ্বিকতা উন্নয়ন সমিতি আৰু জীপ চাফাৰি সন্থাৰ সহযোগত আজিৰে পৰা এই বিষাক্ত পাৰ্থেনিয়াম নিৰ্মূলকৰণ কাৰ্যসূচী হাতত লৈছে যদিও ৰাইজৰ মাজত সজাগতা অভিযান কাৰ্যসূচীও আৰম্ভ কৰিব ।

আজি প্ৰথম দিনা এই কাৰ্যসূচীৰ অংশ হিচাপে পবিতৰাৰ  ৪০ গৰাকী বনকৰ্মীয়ে পাৰ্থেনিয়াম পৰিষ্কাৰ কৰা কাৰ্যসূচীত অংশগ্ৰহণ  কৰে। সোমবাৰে দলটোৱে ইডিচি আৰু পবিতৰা  জীপ ছাফাৰী এছ’চিয়েশ্যনৰ সদস্যসকলৰ সৈতে তামুলিডুভা অঞ্চলৰ পৰা পাৰ্থেনিয়াম নিৰ্মূলৰ বাবে এক বিশেষ অভিযান চলাব বুলি জানিব পৰা গৈছে।

এই  অপতৃণ নিৰ্মূল, মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আদিৰ জৰিয়তে গঁড় আৰু অন্যান্য বন্যপ্ৰাণীৰ বাসস্থান উন্নত কৰাৰ বাবে অভয়াৰণ্য কৰ্তৃপক্ষই এই  বিশেষ পদক্ষেপ হাতত লৈছে। যাতে বন্যপ্ৰাণীৰ মুক্ত বিচৰণৰ বাবে পৰিৱেশতন্ত্ৰৰ বহন ক্ষমতা বৃদ্ধি কৰিব পৰা যায় সেই দিশটোৰ ওপৰত অধিক গুৰুত্ব দি এই নিৰ্মূলকৰণ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই।

উল্লেখযোগ্য যে বৃহত্তৰ মায়ঙৰ বিভিন্ন খেতি পথাৰতো এই বিধ বন ভয়ানক ভাবে বৃদ্ধি পাইছে। যিবোৰ ওখ ওখ ঠাই খালি হৈ পৰি থাকে সেই ঠাইতেই পাৰ্থেনিয়ামে আগুৰি লৈছে। কংগ্ৰেছ ঘাঁহ নামেৰে জনাজাত পাৰ্থেনিয়াম হিষ্টেৰ’ফ’ৰছ  নামৰ এই অপতৃণ বন বিধ ষাঠিৰ দশকৰ আৰম্ভণিতে আমেৰিকাৰ পৰা আমদানি কৰা ঘেঁহুৰে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা যায়।

তেতিয়াৰ পৰাই ই ভয়ানকভাৱে বিয়পাই দিছে। অষ্ট্ৰেলিয়া, মেক্সিকো, আন্দামান আৰু নিকোবৰকে  ধৰি সমগ্ৰ দেশতে প্ৰায় ১০ লাখ হেক্টৰ মাটি আক্ৰমণ কৰিছে। এই অপতৃণৰ ফলত বহুতো ৰোগ যেনে ছালৰ এলাৰ্জী, খেৰ জ্বৰ, মানুহ আৰু জীৱ-জন্তুৰ লগতে কৃষি উৎপাদনশীলতা হ্ৰাস কৰা আৰু জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰাৰ বাবে কুখ্যাত।

মায়ং