কানাডাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ উন্মোচন

কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ উন্মোচন কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
ZSSEWEWXCXSE

ডিজিটেল ডেস্কঃ কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ উন্মোচন কৰা হয় ৷ এডমন্টন চহৰৰ চিটাডেল থিয়েটাৰত শুকুৰবাৰে সন্ধিয়া এই গ্ৰন্থখন যুটিয়া ভাৱে উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন আৰু ছবি পৰিচালক ৰিমা দাসে ৷ 

এই গ্ৰন্থখন প্ৰকাশ কৰিছে আমেৰিকাৰ ব্লুমছ বেৰী একাডেমীকে ৷ গ্ৰন্থখন উন্মোচন কৰি আদিল হুছেইনে কয় “পাৰ্থজিৎ বৰুৱাৰ কষ্ট আৰু ত্যাগক আমি শলাগ লৈছো আৰু এই গ্ৰন্থখনে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ চিনেমাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিছে৷ এই গ্ৰন্থখন ভাৰতীয় চিনেমা ইতিহাসৰ এক নতুন সংযোজন”৷ 

WhatsApp Image 2025-09-06 at 1.08.17 PM

আনহাতে, গ্ৰন্থখন উন্মোচন কৰি ৰিমা দাসে কয়, “ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তৰ-পূৰ্বাঞ্চল চিনেমাৰ বিষয়ে এই গ্ৰন্থখনৰ জৰিয়তে জানিব পাৰিব৷”

WhatsApp Image 2025-09-06 at 1.08.20 PM

উল্লেযোগ্য যে, ভাৰতৰ ভৌগলিক চাৰিসীমাৰ বাহিৰত চিনেমা বিষয়ক গ্ৰন্থ উন্মোচন হোৱা এইখনেই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন গ্ৰন্থ৷

গ্ৰন্থ উন্মোচন গ্ৰন্থ অসমীয়া গ্ৰন্থ