/asomiyapratidin/media/media_files/2025/09/20/new-ap-web-3-2-2025-09-20-18-35-51.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰথি মহন্তই আজি নিশা ৯ বজাৰ পিছত কোনো অনুৰাগীক কাহিলীপাৰাৰ ঘৰলৈ নাযাবলৈ আহ্বান জনাইছে। কাহিলীপাৰাত উপস্থিত হৈ আয়ুক্ত শ্ৰী মহন্তই কয় যে, জুবিনৰ পাৰ্থিৱ শৰীৰ কাহিলীপাৰালৈ একমাত্ৰ পিতৃ আৰু পৰিয়ালবৰ্গৰ বাবে অনা হ'ব।
অন্তিম সময়খিনি জুবিনক যাতে পৰিয়ালবৰ্গই নিবিড়ভাৱে পাব পাৰে তাৰ বাবে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সময়খিনিত কাহিলীপাৰালৈ আহি পৰিয়ালটোক আমনি নকৰিবলৈ আয়ুক্ত মহন্তই সকলোকে আহ্বান জনায়।
তেওঁ কয় যে, কাহিলীপাৰাৰ পিছত জুবিনৰ নশ্বৰ দেহ সৰুসজাই ষ্টেডিয়ামত ৰখা হ'ব। তাতে সকলোৱে জুবিন গাৰ্গক কাষৰ পৰা চাব পাৰিব। আয়ুক্ত মহন্তই জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নকৰিবলৈ সকলোকে সঁকীয়াই দিয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, এই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব বুলি উল্লেখ কৰি আয়ুক্ত মহন্তই কোনো উদ্ভণ্ডালিৰ ঘটনা দৃষ্টিগোচৰ হ'লে লগে লগে ১১২ নম্বৰযোগে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়।