শেখৰৰ মুখা খুলিলে সতীৰ্থ পাৰ্থইঃ ক'লে হত্যা কৰা জন যিমান দোষী, লগত থকাজনো সমানেই দোষী...

''শেখৰ সকলোৰে লগত ভাল, কিন্তু সি ভাল নহয়। শেখৰ ভাল নাছিল। তাৰ পেটতো, মনটো বহুত পঁচা আছিল। সি কাকো এক গোট হৈ থাকিব নিদিয়ে-He was not a good person ।''

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-05 at 4.28.02 PM

ডিজিটেল ডেস্কঃ ‘’শেখৰ সকলোৰে লগত ভাল কিন্তু সি ভাল নহয়। জুবিন গাৰ্গে পইছাক কেতিয়াও গুৰুত্বই নিদিলে। যদি হত্যাকাৰীজন দোষী তেন্তে হত্যাকাৰীৰ লগত থকাজনো সমানে দোষী। ছিংগাপুৰৰ আইন বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী আইন।‘’- এইবোৰ মন্তব্য জুবিনৰ দীৰ্ঘ সময়ৰ ঘনিষ্ঠ বন্ধু তথা তেওঁৰ বেণ্ডৰ সদস্য পাৰ্থ প্ৰতীম গোস্বামীৰ। 

আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত পাৰ্থ প্ৰতীম গোস্বামীয়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত সাংবাদিকৰ আগত ক’বলৈ গৈ জুবিনৰ মেনেজমেণ্ট, ছিংগাপুৰৰ আইনী ব্যৱস্থা, শেখৰ জ্যোতি গোস্বামীৰ চৰিত্ৰ আৰু জুবিনৰ সন্দৰ্ভত বহু কথাই মুকলিকৈ কয়। 

জুবিনৰ সিদ্ধাৰ্থ শৰ্মা আৰু মেনেজমেণ্টৰ কথা ক’বলৈ গৈ তেওঁ কয়, আমি সাধাৰণতে মেনেজমেণ্টত বিশেষকৈ পইছাৰ ক্ষেত্ৰত কেতিয়াও নোসোমাইছিলো। পিছলৈ নাজানো কিয় দুবছৰ এবছৰমানৰ পৰা কথাই প্ৰতি বিশেষকৈ হোটেলৰ ক্ষেত্ৰত পাৰ্থ দা অলপ ‘এডজাষ্ট’ কৰি দিব নেকি বুলি ক’বলৈ আৰম্ভ কৰিছিল। 

তেওঁ কয়, জুবিনৰ লগত যোৱা মানে আমি সদায় ভালতকৈ ভাল সুবিধা লাভ কৰি আহিছিলো। কিন্তু শেহতীয়া দুবছৰ মানৰ পৰা পাৰ্থ দা অলপ ‘এডজাষ্ট’ কৰি দিব নেকি বুলি ক’বলৈ আৰম্ভ কৰিলে। কিন্তু পাছত আমি জানিবলৈ পাওঁ সেইখন শ্ব’ খুব ভাল পইছাত কৰিছিল। 

পাৰ্থ প্ৰতীম গোস্বামীয়ে জুবিন প্ৰসংগত কয়, জুবিনে জীৱনত পইছা কি তাক গুৰুত্বই দিয়া নাছিল। আগতে কমাৰ্চত বহি আমাক বহুত দিন তহঁতক খোৱাবলৈ লৈ যোৱা নাই বুলি কৈ লখৰাৰ পণ্ডিত ধাবালৈ খোৱাবলৈ লৈ যায়। তাত গৈ সি নিজেই ৰান্ধে। এখন স্পেছিয়েল পৰথাও ৰান্ধি সকলোকে খোৱাই। ভাল হলেও, বেয়া হলেও সবেই ভাল হৈছে বুলিয়েই ক’ব লাগিব। 

এনে এক ঘটনাক সোঁৱৰণ কৰি তেওঁ কয়, এদিন ১৮/২০ জন ল’ৰাক কমাৰ্চৰ পৰা খোৱাবলৈ লগ ধৰিলে। সি মোৰ গাড়ীতে উঠিলে আৰু গণেশগুৰি পাওঁতে মোক সুধিছে তোৰ লগত পইছা আছে নেকি? সেইদিনা সি পকেটত এক টকাও নথকাকৈ সকলোকে খাবলৈ লৈ আনিছিল। 

ছিংগাপুৰৰ ঘটনাৰ সন্দৰ্ভত তেওঁ সাংবাদিকৰ আগত কয়, ছিংগাপুৰৰ আইন ব্যৱস্থা বিশ্বৰ ভিতৰতে শক্তিশালী। তেওঁলোকে জানো এজন মাৰ্ডাৰ কৰা, বিহ খোৱাই দিয়া মানুহৰ ‘বডী’ আৰু যিজনে খোৱাইছে তেওঁক পঠিয়াই দিবনে? যদি তেনেকুৱা হয় ভাৰত চৰকাৰেও ছিংগাপুৰ চৰকাৰক প্ৰশ্ন নকৰিব নেকি বুলিও গোস্বামীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, জুবিনক যদি সঁচাই বিহ খোৱাইছে তেন্তে প্ৰশ্ন উঠিব আৰু এয়া এক আন্তঃৰাষ্ট্ৰীয় অপৰাধ হ’ব। 

এই সন্দৰ্ভতে শেখৰ জ্যোতি গোস্বামীক উদ্দেশ্য কৰি তেওঁ কয়, যদি শেখৰে সেই কথা জানিছিল তেন্তে তাৰ কোঠাতে একেলগে আছিল, তেতিয়াই কিয় নধৰিলে?  যদি মাৰ্ডাৰ কৰাটো দোষী তেন্তে তাৰ লগত থকাটোও সমানেই দোষী। 

ইতিমধ্যে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা শেখৰ জ্যোতি গোস্বামীৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত তেওঁ স্পষ্টকৈ কয়, শেখৰ সকলোৰে লগত ভাল, কিন্তু সি ভাল নহয়। শেখৰ ভাল নাছিল। তাৰ পেটতো, মনটো বহুত পঁচা আছিল। সি কাকো এক গোট হৈ থাকিব নিদিয়ে-He was not a good person ।

জুবিন গাৰ্গ চি আই ডি