পুনৰ আন এগৰাকী চক্ৰ বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ...

পুনৰ বিতৰ্কত মানকাচৰৰ এগৰাকী এ চি এছ বিষয়া। এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ বিষয়া গৰাকীৰ বিৰুদ্ধে।  এ চি এছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে এগৰাকী

author-image
Asomiya Pratidin
New Update
ijjjd

ডিজিটেল সংবাদ, মানকাচৰঃ  পুনৰ বিতৰ্কত মানকাচৰৰ এগৰাকী এ চি এছ বিষয়া। এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ বিষয়া গৰাকীৰ বিৰুদ্ধে।  এ চি এছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে এই অভিযোগ।

যুৱতী গৰাকীৰ অভিযোগৰ পিছতে কাৰ্যালয়ৰ পৰা পলায়ন চক্ৰ বিষয়া বৰ্মনৰ। ঘটনাক কেন্দ্ৰ কৰি যুৱতী গৰাকীয়ে মন্ত্ৰী কেশৱ মহন্তক দাখিল কৰিছে  লিখিত অভিযোগ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে ধুবুৰীৰ এগৰাকী মুছলিম যুৱতীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

যুৱতী গৰাকীক এ চি এছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে বিয়াৰ প্ৰলোভনেৰে যৌন আতিয্য চলোৱাৰ ভয়ংকৰ  অভিযোগ যুৱতী গৰাকী উল্লেখ্য যে ধুবুৰীৰ যুৱতী গৰাকীয়ে সোমবাৰে পুৱাৰ ভাগত মানকাচৰস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰথমে বিষয়া গৰাকীৰ লগতে তীব্ৰ বাগ বিতণ্ডাত লিপ্ত  হৈছিল বুলি জানিব পৰা গৈছে।

পিছে  কাৰ্যালয়ত যুৱতি গৰাকীক এৰি বিষয়া গৰাকীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।ইফালে যুৱতী গৰাকীয়ে উক্ত ঘটনাক কেন্দ্ৰ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত সহ আৰক্ষী অধীক্ষক আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তক এখন লিখিত অভিযোগ দাখিল কৰে। সম্প্ৰতি,যুৱতী গৰাকীয়ে উত্থাপন কৰা অভিযোগকক কেন্দ্ৰ কৰি সমগ্ৰ মানকাচৰত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

অসম