ডিচেম্বৰৰ প্ৰথম সপ্তাহতে জেললৈ যাব পাৰে ৰাহুল আৰু ছোনিয়া গান্ধী!

বিপদ বাঢ়িছে কংগ্ৰেছৰ হাইকামাণ্ড ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ। ১ ডিচেম্বৰ পৰা ১৯ডিচেম্বৰৰ লৈকে চলিবলগীয়া সংসদৰ শীতকালীন অধিৱেশনত উপস্থিত থাকিব নোৱাৰিবও পাৰে

author-image
Asomiya Pratidin
New Update
deddd

ডিজিটেল ডেস্কঃ বিপদ বাঢ়িছে কংগ্ৰেছৰ হাইকামাণ্ড ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ। ১ ডিচেম্বৰ পৰা ১৯ডিচেম্বৰৰ লৈকে চলিবলগীয়া সংসদৰ শীতকালীন অধিৱেশনত উপস্থিত থাকিব নোৱাৰিবও পাৰে কংগ্ৰেছৰ এই দুগৰাকী নেতা। কিয়নো দুয়োগৰাকী নেতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ আৰ্থিক অপৰাধ শাখাই ৰুজু কৰিছে আন এক গোচৰ। 

নেচনেল হেৰাল্ডৰ তদন্তৰ ভিত্তিতে ৰাহুল আৰু ছোনিয়াৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২৯নৱেম্বৰত আদালতে নেচনেল হেৰাল্ড গোচৰত এক শুনানি গ্ৰহণ কৰিছিল। তাৰ পিছতে আজি দিল্লী আৰক্ষী আৰ্থিক অপৰাধ শাখাই ৰুজু কৰিছে এই গোচৰ। 

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ আছে যে, তেওঁলোকে ২০০০ কোটি টকাৰ সম্পত্তিৰ কোম্পানী এটাৰ নিয়ন্ত্ৰণ অনুচিতভাৱে কম দামতে লাভ কৰিছিল।  ইয়ং ইণ্ডিয়ান নামৰ এটা কোম্পানীৰ জৰিয়তে এই অনৈতিক কাম কৰা হৈছিল।  য’ত ৰাহুল আৰু ছোনিয়া গান্ধীৰ ৭৬ শতাংশ অংশীদাৰিত্ব আছে।

ইফালে বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে, সংসদৰ শীতকালীন অধিৱেশনত এইবাৰ বহুকেইটা বিষয়ক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ সাজু হৈছে কংগ্ৰেছ।  কংগ্ৰেছৰ এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈকে চৰকাৰে এনে পন্থা হাতত লৈছে। 

অৱশ্যে এই সম্পূৰ্ণ কেলেংকাৰীক লৈ বিগত প্ৰায় এটা দশক ধৰি অব্যাহত আছে তদন্ত। 

ৰাহুল গান্ধী