/asomiyapratidin/media/media_files/2025/08/21/hjjs-2025-08-21-12-38-17.jpg)
ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ-পূবৰ বাবে এটা ভাল খবৰ। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান স্থাপনৰ পথ প্ৰশস্ত কৰি লোকসভাই ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে উত্থাপন কৰা বিধেয়কখন নিম্ন সদনত কালি মৌখিক ভোটত গৃহীত হয়।
কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ বাবে ৫৫০ কোটি টকা আছুতীয়াকৈ ৰাখিছে। এই প্রতিষ্ঠান উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচাপে পৰিগণিত হ’ব। ১৯৬১ চনৰ পৰা ২০১৪ চনলৈকে ৫৩ বছৰৰ ভিতৰত একেৰাহে চৰকাৰে মাত্ৰ ১৩টা আই আই এম সৃষ্টি কৰিব পাৰিছিল।
২০১৩-১৪ চনত ১৩টা আই আই এমৰ সকলোবোৰতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৫০০। আজি ২০২৪-২৫ চনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯,৮০০, যিয়ে আমাৰ চৰকাৰৰ নতুন শিক্ষানুষ্ঠান সৃষ্টি আৰু আমাৰ দেশৰ বহু ছাত্ৰ-ছাত্ৰীক সুযোগ দিয়াৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰকাশ কৰে । লোকসভাত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান বিধেয়ক গৃহীত কৰাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্তোষ প্ৰকাশ কৰিছে।
এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ আৰু ধর্মেন্দ্র প্রধানক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, যে আই আই টি, এইমছ আৰু আই আই এম প্ৰতিষ্ঠাৰ জৰিয়তে অসম উত্তৰ-পূব ভাৰতৰ প্ৰধান শিক্ষাকেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।