কিয় আৰু কি কাৰণত ৰাহুল গান্ধীয়ে পুনৰ হেৰুৱাব পাৰে সাংসদ পদ...

পুনৰ সাংসদ পদ হেৰুৱাব নেকি ৰাহুল গান্ধীয়ে। বিৰোধী দলপতিগৰাকীৰ সাংসদ পদ খাৰিজ কৰিবলৈ লোকসভাত প্ৰস্তাৱ দাখিল কৰিছে বিজেপিৰ সাংসদ নীশিকান্ত ডুবেই।  ভাৰত-আমেৰিকাৰ

author-image
Asomiya Pratidin
New Update
yuhhd

ডিজিটেল ডেস্কঃ পুনৰ সাংসদ পদ হেৰুৱাব নেকি ৰাহুল গান্ধীয়ে। বিৰোধী দলপতিগৰাকীৰ সাংসদ পদ খাৰিজ কৰিবলৈ লোকসভাত প্ৰস্তাৱ দাখিল কৰিছে বিজেপিৰ সাংসদ নীশিকান্ত ডুবেই।  ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তি আৰু কেন্দ্ৰীয় বাজেটক লৈ গান্ধীয়ে চৰকাৰৰ ওপৰত চোকা আক্ৰমণ কৰাৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বিজেপিৰ সাংসদগৰাকীয়ে। 

বিজেপি সাংসদগৰাকীৰ অভিযোগ যে,   ৰাহুল গান্ধীয়ে দেশক বিপথে পৰিচালিত কৰিছে। তেওঁৰ প্ৰস্তাৱত এই বিষয়ত আলোচনা, ৰাহুল গান্ধীৰ সংসদীয় সদস্যপদ খাৰিজ কৰা, নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ওপৰত আজীৱন নিষেধাজ্ঞাৰ দাবী কৰা হৈছে।

অৱশ্যে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিশেষাধিকাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিয়ে ডুবেই। সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাতকাৰত তেওঁ কয় যে,   ৰাহুল গান্ধীয়ে জৰ্জ ছ’ৰ’ছৰ দৰে বহিঃশক্তিৰ সহযোগত দেশক বিপথে পৰিচালিত কৰিছে।

উল্লেখ্য যে, সদনত ৰাহুল গান্ধীয়ে চোকা সমালোচনা কৰি কৈছিল যে, ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিত চৰকাৰে দেশৰ স্বাৰ্থৰ লগত আপোচ কৰিছে। চৰকাৰে নিজেই স্বীকাৰ কৰিছে যে বৰ্তমান বিশ্বই এক অস্থিৰ সময় পাৰ কৰিছে, য’ত শক্তি আৰু বিত্তক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।

ৰাহুল গান্ধীৰ এই বক্তব্যক বিজেপিয়ে এগৰাকী অপৰিপক্ক নেতাৰ পৰিচয় দিছে বুলি কটাক্ষ কৰে আৰু ৰাহুল গান্ধীয়ে সদায়েই দেশৰ বিৰুদ্ধে থিয় দি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে। 

ৰাহুল গান্ধী