/asomiyapratidin/media/media_files/2025/02/11/Pf5jXWutquPHeKGrOEQU.png)
ডিজিটেল ডেস্কঃ এ আই এক্সন সন্মিলনত অংশ লোৱা উদ্দেশ্যে সোমবাৰে পেৰিছত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁক বন্ধুত্বপূৰ্ণ আদৰণি জনাই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। ইয়াৰ পাছতে পেৰিছত অনুষ্ঠিত হোৱা এ আই সন্মিলনত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
ভাষণ প্ৰসংগত তেওঁ এআইৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই প্ৰযুক্তি সন্দৰ্ভত ভাৰতে কি নতুন পদক্ষেপ লৈছে সেই কথা তেওঁ মঞ্চৰ পৰাই সকলোকে জনায়। উল্লেখ্য যে,এই সন্মিলনত প্ৰায় ১০০খন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিছে। সন্মিলনখনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে সহ-অধ্যক্ষতা কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।
সন্মিলনত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে এআইয়ে আমাৰ জীৱন আৰু সমাজখন সলনি কৰি আছে। আন প্ৰযুক্তিতকৈ এআই পৃথক। ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ লোকৰ জীৱন সলনি হ’ব পাৰে। সমাজ আৰু নিৰাপত্তাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা অতি প্ৰয়োজনীয়।
লগতে কয় যে, এআইৰ শক্তি খৰচৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ইয়াৰ জৰিয়তে নিয়োগ সংকটৰ প্ৰতিও গুৰুত্ব দিব লাগিব। এআইয়ে নতুন চাকৰিৰ সৃষ্টি কৰিব। ইয়াৰ ফলত মানৱ সভ্যতাৰ এক নতুন সংহিতাৰ সৃষ্টি হৈছে। আমি ভুল তথ্য আৰু ডিপফেক বন্ধ কৰিব লাগিব। সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এআই সন্দৰ্ভত গভীৰ আলোচনাৰ প্ৰয়োজন আছে।
ইয়াৰোপৰি এআইৰ বিকাশ অতি দ্ৰুত গতিত হৈছে। ভাৰতে অতি কম খৰচত ১৪ কোটিৰো অধিক লোকৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি সৃষ্টি কৰিছে। ভাৰত এআই গ্ৰহণ আৰু তথ্যৰ গোপনীয়তাৰ বাবে টেকন’-লিগেল ভেটি গঢ়ি তোলাৰ ক্ষেত্ৰতো আগশাৰীৰ দেশ বুলি ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।