অসম চাহ জনজাতি ছাত্ৰ সন্থাত বহু বিতৰ্কিত পৰেশ গোৱালাৰ দপদপনি!

সময় সলনি হ'ল। আগৰদৰে এতিয়া সততা, মূল্যবোধৰ কোনো মূল্য নাইকিয়া পৰিছে আমাৰ সমাজত। ইয়াত হাত-উজান দিছে সমাজ পৰিৱৰ্তনৰ দায়িত্বত থকা দল-সংগঠনসমূহে। দেশৰ ৰাজনীতিত যিদৰে একাধিক গোচৰত

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ  সময় সলনি হ'ল। আগৰদৰে এতিয়া সততা, মূল্যবোধৰ কোনো মূল্য নাইকিয়া পৰিছে আমাৰ সমাজত। ইয়াত হাত-উজান দিছে সমাজ পৰিৱৰ্তনৰ দায়িত্বত থকা দল-সংগঠনসমূহে। দেশৰ ৰাজনীতিত যিদৰে একাধিক গোচৰত অভিযুক্তসকলেহে অগ্ৰাধিকাৰ পায় একেদৰে বিভিন্ন ছাত্ৰ সংগঠনতো তেনে ব্যক্তিয়েই অগ্ৰাধিকাৰ পোৱা পৰিলক্ষিত হৈছে।

মন কৰিবলগীয়া যে অসমৰ সবাতোকৈ অৱহেলিত আৰু বঞ্চিত জনগোষ্ঠীটোৱেই হ'ল চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ সমস্যা, উন্নয়ন সম্পৰ্কত মাত মাতিবলগীয়াকৈ জনগোষ্ঠীটোৰ দুটাকৈ ছাত্ৰ সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম আদিবাসী ছাত্ৰ সন্থা।

বিভিন্ন সময়ত এই সংগঠন দুটাই চাহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে সজোৰে মাত মাত আহিলেও শাসকীয় পক্ষৰ প্ৰৰোচনা আৰু প্ৰলোভনত শেহত গৈ মূৰ পোলোকা মৰাই পৰিলক্ষিত হৈ আহিছে। এই অভিযোগেৰে দণ্ডিত হৈ আহিলেও ছাত্ৰ সংগঠন দুটাই গুৰুত্ব নিদিলেও শেহতীয়াকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতিৰ দৌৰত আগবাঢ়ি আছে এজন বিতৰ্কিত ছাত্ৰ নেতা। 

আমালৈ অহা শেহতীয়া খবৰ মতে নতুনকৈ গঠন হ'বলগীয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতিৰ দৌৰত আগবাঢ়ি আছে বিতৰ্কিত তথা বিভিন্ন সামাজিক অপৰাধত অভিযুক্ত পৰেশ গোৱালা। আটছাৰ সাংবিধানিক নীতি অনুসৰি আটছাৰ কোনো ছাত্ৰ নেতা ৰাজনৈতিক দলৰ লগত সম্পৰ্ক থাকিব নোৱাৰিলেও পৰেশ গোৱালা নামৰ ছাত্ৰ নেতাজন ২০০৩ চনৰ ১৯ অক্টোবৰ তাৰিখে প্ৰবীণ বৰঠাকুৰ পৰ্যৱেক্ষক হিচাবে উপস্থিত থকা সভাত অসম গণ পৰিষদৰ বৰগুৰি আঞ্চলিক সমিতিৰ তথ্য আৰু প্ৰচাৰ সম্পাদকৰ পেনেলত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ তথ্য আমাৰ হাতত পৰিছেহি।

অন্যহাতে পৰেশ গোৱালাৰ নিৰ্দেশত মাৰ-পিটৰ দৰে অসামাজিক ঘটনা ঘটাৰ বিৰুদ্ধে থানাত ৰাজহুৱা অভিযোগ প্ৰদান কৰা হৈছিল যোৱা ১৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখে। তদুপৰি এইজন নেতাৰ বিৰুদ্ধে সামাজিক অপৰাধত জড়িত হোৱাৰ অভিযোগত ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰপৰা যোৱা ১৯ আগষ্ট ২০২৫ তাৰিখে ২২৬/২৫ কেছ নম্বৰৰ বিপৰীতে দুজন সাক্ষীক চমন প্ৰেৰণ কৰা হৈছিল। মন কৰিবলগীয়া যে অসম চাহ জনজাতি ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতিৰ দৌৰত আগবাঢ়ি থকা এইজন পৰেশ গোৱালাই ৬ নং ৱাৰ্ডৰপৰা সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল।

বিভিন্ন অভিযোগেৰে অভিযুক্ত এনে এজন নেতাই ধন আৰু ৰাজনৈতিক ক্ষমতাৰ জৰিয়তে বিগত সময়ছোৱাত আটছাৰ গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি অহাৰ পিচতো পুনৰ জিলা সমিতিৰ সভাপতি হ'বলৈ মন মেলিছে। এনে এজন বিতৰ্কিত ছাত্ৰ নেতাক আটছাৰ তিনিচুকীয়া শাখা সমিতিয়ে তিনিচুকীয়া জিলা অধিৱেশনলৈ মূল প্ৰতিনিধি হিচাবে প্ৰেৰণ কৰা কাৰ্যই সন্দেহৰ সৃষ্টি কৰিছে। একাধিক সামাজিক তথা ন্যায়িক অভিযোগত অভিযুক্ত পৰেশ গোৱালাই কি শক্তিৰে বলীয়ান হৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পবিত্ৰ মজিয়াত বাৰে বাৰে নিজৰ স্থিতি বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে?

প্ৰশ্ন হয় এনে একাধিক অভিযোগত অভিযুক্ত পৰেশ গোৱালাই কি ক্ষমতা আৰু শক্তিৰ বলত অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতিৰ দৌৰত চামিল হৈছে? অসম চাহ জনজাতি ছাত্ৰ সন্থা এইবোৰ বিষয়ত মৌন থকাৰ কাৰণ কি? নে কাৰোবাৰ ৰাজনৈতিক আকাংক্ষা পূৰণৰ বাট মসৃণ কৰাৰ দৌৰত পৰেশ গোৱালা? এইবোৰ প্ৰশ্নৰ উত্তৰ  অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পৰিৱৰ্তী অধিৱেশনতহে স্পষ্ট হ'ব।
তিনিচুকীয়া