/asomiyapratidin/media/media_files/2026/02/17/4-2026-02-17-14-04-47.jpg)
ডিজিটেল ডেস্কঃ চোৰাং কাঠ নহয় এইবাৰ গৰুৰ পৰা ধন লাগে বন কৰ্মীক।খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ শগুনমাৰী বন শিবিৰৰ বন কৰ্মীৰ বিৰুদ্ধে ধন দাবী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
/asomiyapratidin/media/post_attachments/0d6918c3-185.png)
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ শগুনমাৰী বন শিবিৰৰ বন কৰ্মীয়ে স্থানীয়লোকৰ ঘৰচীয়া গৰু সমূহ বন বিভাগৰ বাগানত প্ৰৱেশ কৰাৰ ফলত গৰু কেইটা ধৰি প্ৰতিটো গৰু এৰি দিয়াৰ বাবদ ৫০০ টকা দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ।
গৰুৰ গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে যদি গৰু সমূহে বন বিভাগৰ বাগানৰ ক্ষতি কৰিছে তেন্তে গৰু সমূহ আটক কৰি চৰকাৰী খোৱাৰত নিদি ধন দাবী কৰাৰ অধিকাৰ ক'ত পালে? ইপিনে বাগানেৰে চোৰাং গৰু সৰবৰাহ হ'লেও সেই গৰুৰ পৰাও ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us