/asomiyapratidin/media/media_files/2025/09/13/new-ap-web-11-11-24-new-2-2025-09-13-18-28-42.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে বিটিচি নিৰ্বাচন। নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ নিৰ্বাচনী প্ৰচাৰত উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী-মহাৰথী।
প্ৰতিকূল বতৰকো নেওচি পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/capturegfkljgklfjgf-2025-09-13-18-30-11.jpg)
মংগলাঝোৰা শ্বহীদ সুজিত নাৰ্জাৰী স্মৰণীয় প্ৰেক্ষগৃহত পৰ্বতঝোৰাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ শতাধিক পুৰুষ-মহিলা উপস্থিতিত অধ্যক্ষ গৰাকীয়ে আগন্তক নিৰ্বাচনত পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীক ভোট দি জয়ী কৰাবলৈ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us