পৰ্বতঝোৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান

কোকৰাঝাৰৰ পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ ১৬৭৫জন PMAY(G)হিতাধিকাৰী মাজত আবন্টন পত্ৰ বিতৰণ কৰে BTC পৰিষদীয় চৰকাৰৰ EM মুন মুন ব্ৰহ্মই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অনুষ্ঠানিক ভাবে PMAY আঁচনিৰ গৃহ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানত ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে।  কোকৰাঝাৰৰ পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ ১৬৭৫জন PMAY(G)হিতাধিকাৰী মাজত আবন্টন পত্ৰ বিতৰণ কৰে BTC পৰিষদীয় চৰকাৰৰ EM মুন মুন ব্ৰহ্মই।

দেৱীতলাৰ বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ দেৱীতলা, ৰূপচী আৰু মহামায়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ ১০খন VCDCৰ PMAY(G) হিতাধিকাৰী মাজত গৃহ অনুমোদনপত্ৰ বিতৰণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে EM মুন মুন ব্ৰহ্ম উপস্থিত থাকে। ইপিনে  লগতে কোকৰাঝাৰ অতিৰিক্ত আয়ুক্ত তথা পৰ্বতঝোৰা মহকুমাধিপতি লোৰেম্বাম নেলছন ,তিনি খন খণ্ড উন্নয়ন কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া আৰু BPF দলৰ নেতা কৰ্মীও উপস্থিত থাকে। 

পৰ্বতঝোৰা