/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025m-2025-12-10-10-43-29.jpeg)
ডিজিটেল ডেস্কঃ পৰ্বতঝোৰাৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে উদঙাইছে উন্নয়নৰ প্ৰকৃত স্বৰূপ। গাম্ভীৰীঘাট-মংগলাঝোৰা সংযোগী পথৰ শিলাই নদীৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলঙে জিয়াতো ভোগাইছে সৰ্ব-সাধাৰণ ৰাইজক।
/asomiyapratidin/media/post_attachments/ce41d537-ee2.png)
জৰাজীৰ্ণ দলং খনৰে নিতৌ বিপদসংকুলভাৱে যাতায়ত কৰিব লগা হৈছে প্ৰাথমিক বিদ্যালয় পৰা স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে। কেইবাখনৰ গাঁৱৰ ৰাইজে ৰোগীক চিকিৎসা সেৱাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথত ভুগিব লাগে যমৰ যাতনা।
/asomiyapratidin/media/post_attachments/060f119e-129.png)
উল্লেখ্য যে, জৰাজীৰ্ণ কাঠৰ দলংখন চাৰি পাঁচখন গাঁৱৰ ৰাইজে গাঁঠিৰ ধন আৰু শ্ৰম দান কৰি কোনোমতে মেৰামতি কৰি যাতায়ত কৰি আছে যদিও চৰকাৰে এই দলংখন পকা কৰি নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। এতিয়া অতি সহজ সৰল জন-জাতি বসতি গঞা ৰাইজে চৰকাৰক অতি সোনকালে জৰাজীৰ্ণ কাঠৰ দলংখন পকী দলং নিৰ্মান কৰি দিয়াৰ বাবে চৰকাৰক কাতৰ আহ্বান জনাইছে ।
/asomiyapratidin/media/post_attachments/ecfb4e4a-836.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us