/asomiyapratidin/media/media_files/2026/02/16/3-2026-02-16-11-05-06.jpg)
ডিজিটেল ডেস্কঃ উন্নয়নকামী চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ দেখিলে তবধ মানিব আপুনিও। কিয়নো দশক দশক ধৰি উন্নয়নৰ নামত কেৱল উন্নয়নৰ ফোপোলা স্বৰূপ দেখিবলৈ পাইছে পৰ্বতঝোৰাৰ বৰভিটা গাঁৱৰ ৰাইজে। গাঁওখনত যাতায়তৰ বাবে পথ আছে যদিও পথ নে পথাৰ ধৰিবই নোৱাৰি। সৰু এটা সুঁতিৰ ওপৰত এখন বাঁহৰ দলং জৰাজীৰ্ণহৈ ভাঙি যোৱাত বিপদসংকুল ভাবে সেই দলং পাৰাপাৰ কৰিবলগীয়া হৈছে গাঁওবাসীৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে। একাংশ ছাত্ৰ-ছাত্ৰীয়ে এইখন জৰাজীৰ্ণ বাঁহৰ দলংৰে পাৰাপাৰ হ'ব নোৱাৰাত প্ৰায় ২কিলোমিটাৰ খেতি পথাৰৰ আলিৰে বোকা পানী গচকী বিদ্যালয়লৈ যাব লগা হৈছে।
/asomiyapratidin/media/post_attachments/ab9152ea-970.png)
ইপিনে গাঁওখনৰ মূল পথত বহু বছৰ ধৰি কালভাৰ্ট এটা ভাঙি যোৱাত এতিয়া গাঁওখনলৈ বাহন সোমাব নোৱাৰাত দুৰ্ভোগ ভুগিব লগা হৈছে গাঁওবাসীয়ে। সেয়াই নহয় গাঁওখনত জলজীৱন আঁচনিৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰ স্থাপন হৈছে যদিও আজিকোপতি এটুপি বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম নহ'ল গাঁৱৰ ৰাইজে। ইপিনে এ আই ইউ ডি এফ দলৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজাণুৰ ৰহমান আৰু স্থানীয় MCLA তথা EM মুন মুন ব্ৰহ্মই গাঁওবাসীক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি কোনো উন্নয়ন নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে পৰ্বতঝোৰাৰ বৰভিটা গাঁৱৰ যুৱ সমাজে । সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগত যদি গাঁওখনৰ উন্নয়ন নহয় তেন্তে আগন্তুক বিধানসভা নিৰ্বাচন এক সেকা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/post_attachments/ac124de8-e7c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us