ধ্বংসৰ গৰাহত পৰ্বতঝোৰাৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ সংৰক্ষিত বনাঞ্চল

সংৰক্ষিত বনাঞ্চলত বনদস্যুয়ে অবাধে বনধ্বংস যজ্ঞ চলাই যোৱাৰ পাছতো যেন গুৰুত্ব নাই পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ।  বনদস্যুৱে দিনে-নিশাই পৰ্বতঝোৰাৰ সংৰক্ষিত বনাঞ্চলত চলাইছে ধ্বংসযজ্ঞ।

author-image
Asomiya Pratidin
New Update
porbanjhorararrara

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ সংৰক্ষিত বনাঞ্চলত বনদস্যুয়ে অবাধে বনধ্বংস যজ্ঞ চলাই যোৱাৰ পাছতো যেন গুৰুত্ব নাই পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ। 

বনদস্যুৱে দিনে-নিশাই পৰ্বতঝোৰাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা শ শ মূল্যবান শাল চেগুন গছ কাটি বাহনেৰে ধুবুৰী আৰু পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত লৈ সৰবৰাহ কৰি আহিছে যদিও বিয়াগোম বন বিভাগৰ দায়িত্ব থকা বন সংমণ্ডল বিষয়া, বনাঞ্চলিক বিষয়া আৰু বন কৰ্মীৰ এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

বন বিভাগৰ একাংশ বিষয়া আৰু বনকৰ্মীৰ লগত গোপন বুজাবুজিৰ বাবেই অসাধু চক্ৰই এনেদৰে অবাধ হাৰত বনধ্বংস যজ্ঞ চলাই যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

এই ক্ষেত্ৰত বাৰম্বাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতো অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু BTC পৰিষদীয় চৰকাৰৰ বন বিভাগৰ EM পাণিৰাম ব্ৰহ্মই এই ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই তাকলৈ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

পৰ্বতঝোৰা