/asomiyapratidin/media/media_files/2025/11/27/3-2025-11-27-11-38-18.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ বগৰিবাৰী আঞ্চলিক উন্নয়ন সমিতিৰ প্ৰতিবাদী সমদল। বগৰিবাৰী অঞ্চলৰ পৰা চৰকাৰী কাৰ্যালয় বিলুপ্ত আৰু স্থানন্তৰ কৰাৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-11-35-57.jpeg)
উল্লেখ্য যে মহামায়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় বিলুপ্ত ,বগৰিবাৰী ৰাজহ চক্ৰ কাৰ্যালয় আৰু বগৰিবাৰী আৰক্ষী থানা স্থানন্তৰ কৰাৰ বিৰুদ্ধে বগৰিবাৰী আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত মহামায়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা বগৰিবাৰী ৰাজহ চক্ৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল কৰি বগৰিবাৰী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু BTC প্ৰধানলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-11-36-20.jpeg)
তাৰোপৰি প্ৰতিবাদকাৰীয়ে বগৰিবাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। ইপিনে প্ৰতিবাদকাৰীৰ এই দাবী মানি নল'লে পৰৱৰ্তী সময়ত অধিক তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-11-36-44.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us