পৰ্বতঝোৰাত ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন...

কাজিগাঁও গাৰোপাৰা ৰাজহুৱা খেল পথাৰত পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসত জাতীয় পতাকা উন্মোচন কৰে পৰ্বতঝোৰা ভাৰপ্ৰাপ্ত মহকুমাধিপতি মংগলজয় থাওছেনে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আজি দেশজুৰি উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পৰ্বতঝোৰাতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে। কাজিগাঁও গাৰোপাৰা ৰাজহুৱা খেল পথাৰত পৰ্বতঝোৰা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসত জাতীয় পতাকা উন্মোচন কৰে পৰ্বতঝোৰা ভাৰপ্ৰাপ্ত মহকুমাধিপতি মংগলজয় থাওছেন। 

এই পবিত্ৰ দিনটোত দেশৰ বাবে শ্বহীদ হোৱা বীৰ শ্বহীদ সকলোক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।গণৰাজ্য দিৱস উপলক্ষ্যে আয়োজিত পেৰেডত অসম আৰক্ষী, NCC আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভাগ লোৱা পৰিলক্ষিত হয়।

পৰ্বতঝোৰা