পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ডঃ ভস্মীভূত আঠখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

অগ্নিকাণ্ডৰ ফলত আনুমানিক প্ৰায় ৪০লাখ টকা ক্ষতি হোৱাৰ ধাৰণা কৰিছে।  অৱশেষত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  পৰ্বতঝোৰাৰ মদাতী বজাৰত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। মূহুৰ্ততে জুইত ভস্মীভূত হয় আঠখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। ইপিনে  অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ৰাস্তাত দলং ভঙা থকাৰ বাবে আহিব নোৱাৰিলে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। 

উল্লেখ্য যে, অগ্নিকাণ্ডৰ ফলত আনুমানিক প্ৰায় ৪০লাখ টকা ক্ষতি হোৱাৰ ধাৰণা কৰিছে।  অৱশেষত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। আনহাতে কাজিগাওঁ আৰক্ষী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

পৰ্বতঝোৰা