পৰ্বতঝোৰাত নিশা পৰ্যন্ত উন্নয়ন মূলক কামৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন...

পৰ্বতঝোৰা কাজিগাঁওস্থিত ব্ৰহ্ম ধৰ্মৰ আধ্যাত্মিক গুৰু গুৰুদেৱ কালিচাৰণ ব্ৰহ্ম ধামত দুই কোটি টকাৰে আবন্টন হোৱা প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত নিৰ্বাচনী চমক সৃষ্টিৰে একেদিনাই নিশালৈকে কেইবাটাও উন্নয়ন মূলক কামৰ শুভ উদ্বোধন আৰু সাংসদ পুঁজিৰ আধাৰশিলা স্থাপন কৰিলে কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।

পৰ্বতঝোৰা কাজিগাঁওস্থিত ব্ৰহ্ম ধৰ্মৰ আধ্যাত্মিক গুৰু গুৰুদেৱ কালিচাৰণ ব্ৰহ্ম ধামত দুই কোটি টকাৰে আবন্টন হোৱা প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বড়ো আন্দোলনত শ্বহীদ হোৱা শ্বহীদ সুজিত নাৰ্জাৰীৰ নামত মংগলাঝোৰাত নিৰ্মান হোৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে।

ইয়াৰ পিছত সাংসদ পুঁজি তুলসীঝোৰা,নাইকগাঁও আৰু শিলাইৰপাৰ এই তিনিটা স্থানৰ ৰাস্তাৰ কামৰ আধাৰ শিলা স্থাপন আৰু পলাশবাৰী VCDC আৰু মহামায়া VCDC নৱ নির্মিত কাৰ্য্যালয় ভৱন উদ্বোধন কৰে সংসাদ গৰাকীয়ে। বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ প্ৰাক মূহুৰ্তত পৰ্বতঝোৰাত নিশালৈকে চলিল উন্নয়ন মূলক কামৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাম।

পৰ্বতঝোৰা