পৰ্বতঝোৰাৰ দেৱীতলাত দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

পৰ্বতঝোৰাৰ দেৱীতলাত BTC পৰিষদীয় চৰকাৰৰ IBS আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰি দল সংগঠন সমূহে  সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।  

author-image
Asomiya Pratidin
New Update
11-11-24 new 2

ডিজিটেল ডেস্কঃ পৰ্বতঝোৰাৰ দেৱীতলাত BTC পৰিষদীয় চৰকাৰৰ IBS আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে।এই অভিযোগ উত্থাপন কৰি দল সংগঠন সমূহে  সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।  শেহতীয়াকৈ BTC পৰিষদীয় চৰকাৰে IBS আঁচনিৰ জৰিয়তে প্রতিটো পৰিষদীয় সমষ্টিত আৰ্থিক ভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰে সৰু সৰু কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা কাঠ মিস্ত্ৰী,ৰাজ মিস্ত্ৰী আদি লোকসকলক ১০ হাজাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলোক দুই লাখ টকালৈ আৰ্থিক অনুদান প্ৰদান কৰিছিল।

কিন্তু পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ দেৱীতলা VCDCত BPF দলৰ নেতা তথা VCDC সদস্যৰ পৰিয়ালৰ ৭-৮ জনকৈ সদস্যক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি প্ৰাপ্য যোগ্য ব্যক্তিক বঞ্চিত কৰি এক ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত কৰি এবিএমছু,আমছু, নেমছু আদি কৰি কেইবাটাও সংগঠনে BPF GO BACK, মুন মুন ব্ৰহ্ম মূর্দাবাদ,দুৰ্নীতি বন্ধ কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে-  হাগ্ৰামা মহিলাৰী সম বিকাশ, সম অধিকাৰ এয়াই নেকি? চৰকাৰত তিনিমাহ নহওতেই EM মুন মুন ব্ৰহ্মই নিজ দলৰ নেতা কৰ্মীক লগাই দি সাধাৰণ IBS আঁচনিৰ ধন হৰলকী কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ধন সংগ্ৰহ কৰিছে বুলি সন্দেহ ব্যক্ত কৰে। এই অনিয়ম আৰু দুৰ্নীতি সংশোধন নকৰিলে দেৱীতলা VCDCৰ কাৰ্যালয়ৰ তলা মৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত BPF দলক সংখ্যালঘু এলেকাত পহু খেদা দিয়া হব বুলি হুংকাৰ প্ৰদান কৰে।

পৰ্বতঝোৰা