পৰ্বতঝোৰাত একেদিনাই চাৰিটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ

পৰ্বতঝোৰাত একেদিনাই চাৰিটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিলে বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

author-image
Asomiya Pratidin
New Update
ergtef

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত একেদিনাই চাৰিটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিলে বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

Capturedasd

টিপকাইত পাঁচ কোটি টকাৰে নিৰ্মাণ হব লগা ষ্টেডিয়াম, আধ্যাত্মিক ধৰ্ম গুৰু "গুৰুদেৱ কালিচাৰণ ব্ৰহ্ম"নামত এখন অত্যাধুনিক প্ৰেক্ষাগৃহ, বাসবাৰীত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্মাণ হব লগা পলি টেকনিকেল প্ৰতিষ্ঠান আৰু আয়ুষ হাস্পতালৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে হাগ্ৰামা মহিলাৰীয়ে।

এই আধাৰশিলা স্থাপন কাৰ্য্যসূচীত হাগ্ৰামা মহিলাৰীৰ সংগ দিয়ে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা BTC পৰিষদীয় চৰকাৰৰ EM মুন মুন ব্ৰহ্মই।

Capturedfdfsdaswdw

এই উন্নয়নমূলক কাম সমূহ প্রমোদ বড়ো চৰকাৰৰ দিনতেই অনুমোদন পোৱা কিন্তু টকা আবন্টন কৰিব নোৱাৰাৰ বাবেই আমি তিনি মাহতেই অসম চৰকাৰ আৰু ভাৰত চৰকাৰ পৰা টকা আবন্টন লৈ আজি আধাৰ শিলা স্থাপন কৰিবলৈ সক্ষম হৈছো বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰী।

পৰ্বতঝোৰা