/asomiyapratidin/media/media_files/2025/09/25/1-2025-09-25-21-46-11.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ শুকুৰবাৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হ’বলগীয়া এই ভোটগণনা প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিটিআৰৰ জিলাকেইখনৰ প্ৰশাসন সাজু হৈ উঠিছে।
প্রশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। উল্লেখ্য যে, পৰ্বতঝোৰা মহকুমা প্ৰশাসনে ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে।
১নং পৰিষদীয় সমষ্টিৰ বাবে পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত হব ভোট গণনা।ভোট গণনা কেন্দ্ৰত পৰ্বতঝোৰা মহকুমা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা লগতে ১০ খন কাউণ্টিং টেবুল থকাৰ লগতে ১০টা ৰাউণ্ডত ভোট গণনা হ'ব।
উল্লেখযোগ্য যে, সন্ধিয়া ৭ বজাৰ ভিতৰত ভোট গণনা সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমৰ আগত আশা প্ৰকাশ পৰ্বতঝোৰা মহকুমাধিপতি গৰাকীয়ে।