/asomiyapratidin/media/media_files/2026/02/10/whatsapp-im-2026-02-10-15-33-06.jpeg)
ডিজিটেল ডেস্কঃ ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিচি চুক্তি। সেই উপলক্ষে প্ৰতিবছৰে বিপিএফ দলে ১০ ফেব্ৰুৱাৰীৰ দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বি টি চি চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে। তেতিয়াৰ পৰাই এই ১০ ফেব্ৰুৱাৰী তাৰিখটো BTCত বড়োলেণ্ড চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে।
/asomiyapratidin/media/post_attachments/1398ee11-212.png)
BTC পৰিষদীয় চৰকাৰৰ উদ্যোগত প্ৰতিখন মহকুমাৰ লগতে পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও এম ভি স্কুল খেলপথাৰত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা বড়োলেণ্ড চুক্তি দিৱসত বড়ো আন্দোলনত শ্বহীদ হোৱা ব্যক্তি সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মুকলি সভাত বড়োলেণ্ড চুক্তি বিষয়ে মুখ্য অতিথি হিচাপে বক্তব্য প্ৰদান কৰে BTC ৰ EM মুন মুন ব্ৰহ্মই। লগতে সভাখনত উপস্থিত থাকে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ MCLA এজামুল হক আৰু BPF দলৰ সংখ্যালঘু কোষৰ নেতা তথা ফকিৰাগ্ৰাম নগৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ চুলতান আলমৰ লগতে BPF দলৰ বহু নেতা কৰ্মী।
বড়োলেণ্ড চুক্তি দিৱসৰ লগত সংগতি ৰাখি বড়ো আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়ালক সন্মান জনাই বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে ভূমি পাট্টা পত্ৰ বিতৰণ,আত্ম সহায়ক গোটৰ মাজত আৰ্থিক সাহায্য চেক বিতৰণ, বিশেষ ভাবে সক্ষম ব্যক্তি সকলোক আৰ্থিক অনুদানৰ চেক বিতৰণ, জেষ্ঠ্য নাগৰিক সকলোক এককালীন ভাবে আৰ্থিক অনুদানৰ চেক বিতৰণ আৰু ক্ষুদ্ৰ ব্যৱসায়িক যুৱক-যুৱতীসকলকো এককালীন ভাবে আৰ্থিক অনুদানৰ চেক বিতৰণ কৰাৰ লগতে গুৱাহাটীত বাগুৰম্বা দৌহ নৃত্য প্ৰদৰ্শন কৰা শিল্পী সকলোক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us