/asomiyapratidin/media/media_files/2025/09/08/1-2025-09-08-22-40-33.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ সমাগত বিটিচি নিৰ্বাচন। সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ভোটাৰৰ মন জয়ৰ বাবে বুথে বুথে নিৰ্বাচনী প্ৰচাৰ চলাইছে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰী।
কোকৰাঝাৰ জিলাৰ ১নং পৰ্বতঝোৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীয়ে ভোটাৰ মন জয় কৰিবলৈ ১০টা VCDC ৯২বুথত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে।বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে মংগলাঝোৰা VCDC ৮টা বুথত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি আগন্তক বিটিচি নিৰ্বাচনত উন্নয়ন আৰু শান্তি বাবে ভোটাৰ ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায়।
প্ৰাৰ্থী গৰাকীয়ে কয় যে, সদায় মানুহৰ মাজত এটা ভুল ধাৰণা যে বড়ো সকলোৱে বিজেপি ভোট নিদিয়ে, কিন্তু আজি মংগলাঝোৰা VCDC বড়ো অধ্যুষিত এলেকা, সকলোৱে দলে বলে ওলাই আহিছে।
তেওঁ লগতে কয়, পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত অধিকাংশ ভোটাৰ সংখ্যালঘু মুছলমান, গতিকে ইয়াৰ আগতে মই যেতিয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলো তেতিয়া মুছলমান প্ৰাৰ্থী থকা সত্বেও মোক মুছলমানে ৩ হাজাৰৰ অধিক ভোট দিছিলে। এইবেলিও ১০০% জয়ী হ'ব বুলি দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে।