/asomiyapratidin/media/media_files/2025/12/19/todkdkdd-2025-12-19-10-35-21.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ হাত এৰি তলা চাবিত বন্দী হল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ আলী বেপাৰী। পৰ্বতঝোৰাৰ মহামায়াত AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ উপস্থিতিত কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ আলী বেপাৰীৰ আনুষ্ঠানিক ভাৱে AIUDF দলত যোগদান কৰিছে কংগ্ৰেছৰ নেতাগৰাকীয়ে.
২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দল। ধৰ্মীয় সংখ্যালঘু অধিক ভোট থকা সমষ্টিত লক্ষ্য আজমলৰ। BTCৰ নৱগঠিত ৫নং পৰ্বতঝোৰা বিধানসভা সমষ্টি AIUDF দলে দখল কৰা উদ্দেশ্যে কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ আলী বেপাৰীক যোগদান।
গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ আলী বেপাৰী পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ পৰা AIUDF দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা বদৰুদ্দিন আজমলৰ। আবু তাহেৰ আলী বেপাৰী এ আই ইউ ডি এফত যোগদান কৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফৰক মন্তব্য একালৰ কংগ্ৰেছী প্ৰভাৱশালী নেতা আবু তাহেৰ বেপাৰীৰ মতে- ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন হৈছে এজন গামোচা বাবা।
লগতে কয় যে, ধুবুৰী লোক সভাৰ সাংসদ ৰকিবুল হুইছেনে সংসদত ভৱনত সংখ্যালঘু ৰাইজৰ হৈ এটা মাত মতাৰ কথা যদি প্ৰমাণ কৰিব পাৰে আজি কংগ্ৰেছৰ পৰা এ আই ইউ ডিএফত যোগদান কৰা আবুতাহেৰ বেপাৰীয়ে আজিৰেই পৰাই ৰাজনৈতিক জীৱন ত্যাগ কৰিব।
বেপাৰীৰ মতে - ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ টিকট ৭ পৰা ৮ কোটি টকা লেনদেন কৰাৰ পিছতহে ভৰতীয় জাতীয় কংগ্ৰেছৰ টিকট লাভ কৰে বুলি বিস্ফোৰক অভিযোগ আনে। বদৰুদ্দিন আজমলৰ হাত মজবুত নকৰিলে দ্বিতীয় তৃতীয় শ্ৰেণীৰ নাগৰিকত্ব লাভ কৰিব সংখ্যালঘূ ৰাইজে।
কংগ্ৰেছে অখিল গগৈৰ জৰিয়তে এ আই ইউ ডি এফক সমলোচনা কৰে। মৌচম বিগাৰ নে ৱালে হে... কুৰ্চি কে পেঠি বান্ধ কে ৰাখো বুলি এক প্ৰকাৰ কংগ্ৰেছক হুংকাৰ প্ৰদান কৰে বেপাৰীয়ে। অখিল গগৈ, সাংসদ ৰকিবুল হুছেইন,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে আক্ৰমানত্মক হৈ পৰে প্ৰাক্তন সাংসদ তথা AIUDF প্ৰধান বদৰুদ্দিন আজমল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us