/asomiyapratidin/media/media_files/2025/12/29/1-2025-12-29-10-50-36.jpg)
ডিজিটেল ডেস্কঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাঁৱত বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ কাজিগাওঁ আঞ্চলিক সমিতিৰ উদ্যোগত বাংলাদেশত মৌলবাদীয়ে অলপতে দিপু চন্দ্ৰ দাসক কৰুণভাবে হত্যা কৰাৰ প্ৰতিবাদত বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ জুমুঠি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কাজিগাৱঁত অনুষ্ঠিত বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাসকলে কয় যে, বাংলদেশত ক্ৰমবৰ্ধান ভাবে মৌলবাদী সকলে সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকসকলক অত্যাচাৰ কৰি থকাৰ লগতে যোৱা ১৮ডিচেম্বৰ তাৰিখে নিৰীহ যুৱক দীপু চন্দ্ৰ দাসক নিৰ্মমভাবে হত্যা কৰি ৰাজপথৰ গছত ওলমাই জুই লগাই হত্যা কৰি চৰম বৰ্বৰতাৰ পৰিচয় দিছে।
/asomiyapratidin/media/post_attachments/f05567e1-5e7.png)
তাৰে প্ৰতিবাদ স্বৰূপে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে একত্ৰিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে। পাছত প্ৰতিবাদকাৰীসকলে বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ জুমুঠি দাহ কৰাৰ লগতে বাংলাদেশ চৰকাৰ হায় হায়, মহম্মদ ইউনুছ হুচিয়াৰ, বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰক, বাংলাদেশৰ মৌলবাদী শক্তি নিপাত যাওঁক আদি শ্লগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে।
/asomiyapratidin/media/post_attachments/ef09ebf8-1d0.png)
পাছত বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইন্দ্ৰজিৎ দেবনাথ আৰু কাজিগাওঁ আঞ্চলিক সমিতিৰ সভাপতি কৌশিক দাসে যোৱা১৮ ডিচেম্বৰ তাৰিখে সাধাৰণ ঘৰৰ যুৱক দীপু চন্দ্ৰ দাসক যড়যন্ত্ৰমূলকভাবে আৰু কোনো ধৰণৰ কাৰণ হোৱাকৈ নিৰ্মমভাবে মাৰি গছত ওলোমাই নিৰ্দয়ভাবে জুই লগাই দিয়া ঘটনাক তীব্ৰ ভাষাৰে সমালোচনাৰ কৰাৰ লগতে হিন্দুসকলক সুৰক্ষাৰ দিয়াৰ বাবে বাংলাদেশ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/80d62bf3-9e4.png)
দেশ স্বাধীনতা লাভৰ পিছৰে পৰা হিন্দুসকলৰ ওপৰত এটাৰ পিছত এটা চলি অহা ক্ৰমবৰ্ধন অত্যাচাৰ কৰি বাংলাদেশত হিন্দুসকলৰ নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ চলি আছে তাক বন্ধ কৰাৰ দাবী জনায়। আনহাতে এটাৰ পাছত এনে ধৰনৰ দুষ্কাৰ্যৰ লগত জড়িতসকলক কঠোৰভাবে শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কোকৰাঝাৰ জিলা প্ৰাক্তন বিটিএফ ৰ সম্পাদক অৰবিন্দ দেৱনাথ, বাঙালী যুবছাত্ৰ ফেডাৰেচনৰ সম্পাদক ৰাজু কুমাৰ সাহাৰ লগতে ছাত্ৰ সংগঠনটোৰ স্থানীয় নেতা কৰ্মীসকলে।
/asomiyapratidin/media/post_attachments/71d8741e-e3c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us