পৰ্বতঝোৰাৰ আংগাৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

পৰ্বতঝোৰাৰ আংগাৰকাটাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী চাৰিচকীয়া বাহন আৰু ই-ৰিস্কাৰ মাজত মুখামুখি সংঘৰ্ষ।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ পৰ্বতঝোৰাৰ আংগাৰকাটাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী চাৰিচকীয়া বাহন আৰু ই-ৰিস্কাৰ মাজত মুখামুখি সংঘৰ্ষ। এই পথ দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে ই ৰিস্কাখনৰ তিনিজনকৈ যাত্ৰীৰ। আহত যাত্ৰীকেইগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মালবাহী চাৰিচকীয়া বাহনখন ঘাইপথত পাল্টী হোৱাত প্ৰায় দুই ঘণ্টা যাতায়ত ব্যাহত হৈ পৰে।

5

ইপিনে মালবাহী চাৰিচকীয়া বাহন খনৰ নম্বৰ AS-17-C-8866 আৰু ই ৰিস্কা খনৰ নম্বৰ AS-17-C-8563 বুলি জানিব পৰা গৈছে। লগতে দুৰ্ঘটনাস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিতহৈ তদন্ত আৰম্ভ কৰিছে।

পৰ্বতঝোৰা