/asomiyapratidin/media/media_files/2025/10/28/dolonfff-2025-10-28-12-09-18.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত বিগত ডেৰ বছৰে এখন পকী দলং নিৰ্মাণৰ কাম বন্ধ হৈ থকাক লৈ শংকিত স্থানীয় ৰাইজ। টিপকাই -বেলগুৰি সংযোগী পথৰ টিপকাই নদীৰ ওপৰত নিৰ্মান হৈ থকা পকী দলংৰ কাম প্ৰায় ডেৰ বছৰে বন্ধ হৈ থকাৰ ফলত যমৰ যাতনাত ভুগিছে স্থানীয় ৰাইজে।
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ টিপকাই -বেলগুৰি সংযোগী পথৰ টিপকাই নদীৰ ওপৰত এখন কাঠৰ জৰাজীৰ্ণ দলংৰে ৰাইজে অহা যোৱা কৰিছিল। পিছে চৰকাৰে এই জৰাজীৰ্ণ কাঠৰ দলংৰ পৰিৱৰ্তে বৃহত্তৰ অঞ্চলবাসীৰ যাতায়ত ব্যৱস্থাৰ কাৰণে এখন পকী দলং আবন্টন দিয়ে।
এই পকী দলং নিৰ্মানৰ বাবে ঠিকাদাৰে আগৰ কাঠৰ দলং খন ভাঙি পকা দলংৰ নিৰ্মান কাম আৰম্ভ কৰিছিল যদিও প্ৰায় ডেৰ বছৰ আগতেই ঠিকাদাৰ জনে অলপ কাম কৰি ৰখাত কেইবাখনো গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে।
স্থানীয় ৰাইজে এখন বাঁহৰ সাঁকোৰে বিপদ সংকল ভাৱে পাৰা পাৰ হোৱাৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু বেমাৰীক চিকিৎসালয়লৈ যাওঁতে জিয়াতু ভুগিব লগা হৈছে। খৰালি কালতো দলং খনৰ ঠিকাদাৰে পুনৰ নিৰ্মাণ কাম আৰম্ভ নকৰাত গঞা ৰাইজে এতিয়া শংকিত হোৱা পৰিলক্ষিত হৈছে। সেয়ে বিটিচিৰ নৱ গঠিত চৰকাৰ খনক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কাতৰ আহ্বান জনাইছে ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us