সমুখত হাইস্কুল শিক্ষান্ত পৰীক্ষা, বিপদত এজন ছাত্ৰ

মঙলবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই পৰীক্ষাত এডমিট কাৰ্ড নোহোৱাত বাবেই বিপদ পৰিছে গৌৰীপুৰৰ এজন ছাত্ৰ। 

author-image
Asomiya Pratidin
New Update
studentetete

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ মঙলবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই পৰীক্ষাত এডমিট কাৰ্ড নোহোৱাত বাবেই বিপদ পৰিছে গৌৰীপুৰৰ এজন ছাত্ৰ। 

দৰাচলতে, ধুবুৰী জিলাৰ গৌৰীপুৰ পি চি ইনষ্টিটিউট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আতিফুল ইছলাম নামৰ এজন ছাত্ৰৰ মঙলবাৰে অনুষ্ঠিত হ’বলগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড নোহোৱাত বিপাঙত ছাত্ৰজনৰ লগতে অভিভাৱক।

পৰীক্ষাৰ আগদিনা সন্ধিয়ালৈকে ছাত্ৰজনৰ এডমিট কাৰ্ড নোপোৱাই বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষক জবাবদিহী হৈছে  অভিভাৱকৰ সমুখত। 

এতিয়া প্ৰশ্ন হয় কাৰ ভুলৰ কাৰণে এজন ছাত্ৰৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিলে? এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয় বিষয়।

পৰীক্ষা