/asomiyapratidin/media/media_files/2025/07/02/yuj-2025-07-02-09-37-26.jpg)
ডিজিটেল সংবাদ , নগাঁও: নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক পৰাণ কুমাৰ বৰুৱা কালি নিশা প্ৰায় ১১ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৬৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।
প্ৰায় ১৫ খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক গৰাকীয়ে " শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম" শীৰ্ষক গ্ৰন্থ খনৰ বাবে ভীমৰাও আম্বেদকাৰ বঁটা লাভ কৰিছিল।
তদুপৰি প্ৰাণ কুমাৰ বৰুৱাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ"গীতাঞ্জলি " খন অসমীয়া লৈ অনুবাদ কৰি অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াইছে।
অসম চৰকাৰৰ উদ্যোগ আৰু বানিজ্য বিভাগৰ উচ্চপদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছতো তেওঁ নিৰলস ভাৱে সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল।
নগাঁৱৰ কিশলয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ মৃত্যু বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱত ব্যাপক শোকৰ ছাঁ পৰিছে।মৃত্যুৰ সময়ত পত্নী , পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে ।