/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-24-10-02-07.jpeg)
ডিজিটেল ডেস্কঃ শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি জন্মদিন। আততায়ীয়ে মহানগৰীৰ ৰাজগড়ত হত্যা কৰা এইজন আপোষহীন সম্পাদক সাংবাদিকক স্মৰণ কৰা হৈছে ৰাজ্যজুৰি। পুৱাই পৰিয়ালৰ লোকে ৰাজগড়ত হত্যা কৰা স্থানত থকা প্ৰতিমূৰ্তিৰ শ্বহীদবেদীত শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁক স্মৰণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-24-10-00-44.jpeg)
উল্লেখ্য যে, ১৯৬১চনৰ ২৪ ফেব্ৰুৱাৰীত জন্ম হৈছিল পৰাগ কুমাৰ দাসৰ। পৰাগ দাসৰ জন্ম দিনটোৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে পঞ্চম পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতানুষ্ঠান। মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত বিয়লি ৩ বজাত এই বিশেষ বক্তৃতা প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ তথা ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অলক কুমাৰ বুঢ়াগোহাঁয়ে। এই বকৃতাৰ বিষয় বিঘ্নিতকাৰী প্ৰযুক্তি আৰু সভ্যতাৰ সংকট।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2-2026-02-24-10-01-22.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us