চিলাপথাৰৰ লহৰাম খুটিত প:ৰাগ উৎসৱ

কৃষিজীৱি মিছিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি- আয়ে- লৃগাঙৰ পিছতে উদযাপন কৰা হ'ল প:ৰাগ উৎসৱ। প:ৰাগ উৎসৱক লৈ চিলাপথাৰৰ লহৰাম খুটিত পাৰ-ভঙা উচাহ। নৈ-পৰীয়া লহৰাম খুটিত গাওঁবাসীয়ে দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত তিনিদিনীয়াকৈ উদযাপন কৰিছে  প:ৰাগ ।

author-image
Asomiya Pratidin
New Update
প:ৰাগ

প:ৰাগ

ডিজিটেল সংবাদ, চিলাপথাৰ: কৃষিজীৱি মিছিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি- আয়ে- লৃগাঙৰ পিছতে উদযাপন কৰা হ'ল প:ৰাগ উৎসৱ। প:ৰাগ উৎসৱক লৈ চিলাপথাৰৰ লহৰাম খুটিত পাৰ-ভঙা উচাহ। নৈ-পৰীয়া লহৰাম খুটিত গাওঁবাসীয়ে দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ উদযাপন কৰিছে প:ৰাগ । বৃহস্পতিবাৰে দ্বিতীয় দিনাও দেখা গ'ল ৰাইজৰ ব্যাপক সমাগম। গাঁওখনৰ পৰা বিবাহ সূত্ৰে দেশৰ বিভিন্ন প্ৰান্তত থকা জী-জোঁৱাইসকলৰ লগতে অজস্ৰলোকে অংশ ল'লে  প:ৰাগ উৎসৱত । 

Advertisment

ভোজনালয়টো দেখা গ'ল অভ্যাগতৰে বিৰ দি বাট নোপোৱা অৱস্থা। লগবন্ধু আৰু আত্মীয় স্বজনৰ সৈতে এসাঁজ তৃপ্তিতে খাই স্ফুৰ্তি তামাচা কৰা পৰিলক্ষিত হ'ল মিছিং জনগোষ্ঠীয় ৰাইজক। উন্মোচন কৰা হ'ল উৎসৱৰ উপলক্ষত প্ৰকাশিত বৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থ " লহৰম খুটি"। উন্মোচক হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত বেঙ্ক বিষয়া ৰত্নধৰ দলে। লহৰাম খুটি গাওঁৰ ইতিহাস বৰ্তমান আৰু ভবিষ্যতৰ সন্দৰ্ভত জীৱন্ত দস্তাবেজ স্বৰূপ স্মৃতিগ্ৰন্থখনৰ উন্মোচনী সভাত শুভকান্ত ৰেগন,মাখন কামান কুলি, ইন্দ্ৰেশ্বৰ দলে, দীনেশ দলে, বিলাৰাম পেগু, দিলীপ কুমাৰ দলে, বাপুজী পেগু, পুণ্যধৰ দলে, তুলেশ্বৰ পেগু, বিচিত্ৰ কাৰ্দং,জীৱন কুলিকে আদি কৰি বহু শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ কৰ্মী, জনপ্রতিনিধি অতিথি হিচাপে উপস্থিত থাকে। 

ঢোল-তাল,পেঁপাৰ সুৱদি মাত আৰু ঐনি:তমৰ সুৰত মুখৰ হৈ উঠিল উদযাপনস্থলী। নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিল চহা কৃষিজীৱিত ৰাইজ। অন্তিম দিনটোৰ কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজক আয়োজক সমিতিৰ হৈ প্ৰণৱ কুমাৰ দলে, যৌথ সম্পাদক চিৰসত্য দলে আৰু সুনিল দলেয়ে আহ্বান জনাইছে। 

প:ৰাগ