/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-19-48-23.jpg)
ডিজিটেল ডেস্কঃ নিজৰ অনন্য সুৰ আৰু সুমধুৰ কণ্ঠৰে দেশ-বিদেশৰ শ্ৰোতাৰ হৃদয় জয় কৰা অসমৰ সু-সন্তান অংগৰাগ পাপন মহন্তই এইবাৰ পদাৰ্পন কৰিছে ওড়িয়া সংগীত জগতত। ‘কুনি কুনি’নামৰ অতি মনপৰশা প্ৰেমৰ গীতটিৰ জৰিয়তে পাপনে এই নতুন যাত্ৰা আৰম্ভ কৰিছে। ভালে সংখ্যক হিন্দী ছবি,এলবামত কণ্ঠদান কৰি শিল্পীগৰাকীয়ে নিজৰ প্ৰতিভাৰ চিনাকি দিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰতিভাৰ বলতে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। অংগৰাগ পাপন মহন্তই ওড়িয়া ভাষাত গোৱা এই ৰোমাণ্টিক গীতটোৰ সুৰকাৰ ভৰত-হিতাৰ্থ আৰু গীতিকাৰ সুনীল পৰিদা। পাপনৰ এই নতুন প্ৰচেষ্টাই ওড়িয়া শ্ৰোতাসকলক আপ্লুত কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsap-2026-01-29-19-53-48.jpeg)
উল্লেখ্য যে, এই ওড়িয়া গীতটিৰ জৰিয়তে ১১ টা ভাষা গীত পৰিৱেশন কৰিছে অংগৰাগ পাপন মহন্তই। পোনপ্ৰথমবাৰৰ বাবে ওড়িয়া ভাষাত গীত গাই উৎফুল্লিত হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে- ওড়িয়া ভাষাৰ কোমলতা আৰু ইয়াৰ সাংস্কৃতিক সুৰবোৰ তেওঁৰ বাবে অতি আপোন। অসমীয়া আৰু ওড়িয়া ভাষাৰ মাজত থকা এক সহজাত সাদৃশ্যৰ বাবে তেওঁ অতি সহজে গীতটিৰ সৈতে একাত্ম হ’ব পাৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us