জুবিনৰ কাষত পাপন...

কোনো ভিআইপি, ভিভিআইপিৰ সুবিধা নোলোৱাকৈ প্ৰায় ৪৫ মিনিট অনুৰাগীৰ সৈতে শাৰী পাতিলে পাপনে। এই সময়ছোৱাত পাপনৰ সৈতে আছিল পত্নী শ্বেতা। 

author-image
Asomiya Pratidin
New Update
web ap papon

ডিজিটেল ডেস্কঃ অৱশেষত জুবিনক শেষ বিদায় দিবলৈ আহিল পাপন। দেওবাৰে নিশা গুৱাহাটী পালেহি শিল্পীগৰাকী। তাৰপৰাই পোনে পোনে তেওঁ গল সৰুসজাইত থকা জুবিনৰ কাষলৈ। পিছে কোনো ভিআইপি, ভিভিআইপিৰ সুবিধা নোলোৱাকৈ প্ৰায় ৪৫ মিনিট অনুৰাগীৰ সৈতে শাৰী পাতিলে পাপনে। এই সময়ছোৱাত পাপনৰ সৈতে আছিল পত্নী শ্বেতা। 

অনুৰাগীৰ মাজত পাপনক দেখি কোনোবাই আগুৱাই লৈ গ'ল। জুবিনৰ নিথৰ দেহটো থৰ লাগি চালে কিছুপৰ। তাৰপাছতে পত্নী গৰিমাকো সাহস দিলে পাপন। বহুপৰ গৰিমাৰ সৈতে জুবিনৰ কাষত বহি থকিল শিল্পীগৰাকী। 

উল্লেখযোগ্য যে, জুবিনৰ শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ পাপন অহা নাই বুলি আক্ষেপ কৰি আছিল অনুৰাগীসকলে। বিমানবন্দৰতে সাংবাদিকৰ আগত পাপনে ক'লে- "মই ছ’চিয়েল মিডিয়াটো বেলেগ কথা ফোনেই অফ ৰাখিছোঁ। মই বেয়া একেবাৰে পোৱা নাই। খং বা যি বলকিছে সেয়া দুখ। মোক কৈছে নে কাক কৈছে। মানুহে কোৱাখিনিত বেয়া পোৱা নাই। মানুহৰ দুখৰ চৰম সীমা খং। এখন দেশ ইমান দুখত নাই। মোক কৈছে নে কাক কৈছে সেইটো নাই।"

তেওঁ লগতে উল্লেখ কৰে, "মানুহে বিচাৰিছে মই ইয়াত থকাটো। মই নাথাকোঁ সেইটোত খং। মই ইয়াত থকাটো সম্ভৱ নহয়। মই বুলিয়েই নহয় আৰু বহু শিল্পী আছে বাহিৰত। কিন্তু মোকেই খং কৰে কিয় সেইটো মই নাজানো। আমি দুটা একেলগৰ কাৰণে চাগে খং কৰে। এটা ভায়েক গ’ল, এটা ভায়েক কিয় নাই? তেওঁৰ জেগা মই পুৰাব নোৱাৰিম, মোৰ শক্তি নাই। মই অসুস্থ খুব এই দুদিন। গৰিমাৰ লগত মেছেজ চলি আছে। তেওঁৰ অভাৱ মই পুৰাব নোৱাৰো। সেইটো মোৰ শক্তি নাই। মই জুবিন গাৰ্গ গাৰ্গ হ’ব নোৱাৰিম।’’

অংগৰাগ পাপন মহন্ত জুবিন জুবিন গাৰ্গ